/asomiyapratidin/media/media_files/2026/02/26/chgdcuashgduahsx-2026-02-26-23-35-40.jpg)
ডিজিটেল সংবাদ, ডবকাঃ বিনাকান্দি সমষ্টিত কংগ্ৰেছৰ ভিতৰতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৃণমূল কৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদে ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছে। “ৰকিবুল হটাও, কংগ্ৰেছ বচাও” শ্লোগানেৰে একাংশ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰি তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰে।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, ৰকিবুল হুছেইনে নিজৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত বিনাকান্দি সমষ্টি AJP-লৈ এৰি দিয়া হৈছে। লগতে AIUDF নেতৃত্বৰ সৈতে গোপন বুজাবুজি কৰা হৈছে বুলিও একাংশ কৰ্মীয়ে অভিযোগ তোলে। এই অভিযোগৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত কৰা হোৱা নাই।
তৃণমূল কৰ্মীসকলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উদ্দেশ্যে আহ্বান জনাই ৰকিবুল হুছেইনক অবিলম্বে দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰে। আনহাতে, একাংশ ক্ষুব্ধ কৰ্মীয়ে ৰকিবুল হুছেইন বিনাকান্দি সমষ্টিত প্ৰৱেশ কৰিলে তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।
ইফালে, হোজাই জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী জিলী চৌধুৰীয়ে ইতিমধ্যে এক জাননী জাৰি কৰি দলীয় শৃংখলা বজাই ৰাখিবলৈ সকীয়নি প্ৰদান কৰিছে। জাননীত উল্লেখ কৰা হৈছে যে, দলীয় নীতিৰ উৰ্দ্ধত গৈ যিসকলে দলীয় শৃংখলা বিনষ্ট কৰাৰ চেষ্টা কৰিব, তেওঁলোকৰ বিৰুদ্ধে সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।
সমগ্ৰ ঘটনাই বিনাকান্দি সমষ্টিত কংগ্ৰেছৰ ভিতৰত বিভাজনৰ স্পষ্ট ছবি দাঙি ধৰিছে। এতিয়া দলীয় নেতৃত্বই কি সিদ্ধান্ত লয়, তাকে লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us