বিন্নাকান্দিত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ; এআইচিচিৰ স্কেনিং কমিটিৰ পৰ্যবেক্ষক দলৰ মতবিনিময়

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হোজাই জিলাৰ বিন্নাকান্দি বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু মিত্ৰদলৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
dsdshfvvvcv

ডিজিটেল সংবাদ, ডবকাঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হোজাই জিলাৰ বিন্নাকান্দি বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু মিত্ৰদলৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। কংগ্ৰেছে বিন্নাকান্দি সমষ্টি মিত্ৰদল অজাপক এৰি দিব পাৰে বুলি প্ৰচাৰ চলোৱাৰ পাছতেই সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ মাজত তীব্ৰ অসন্তোষ আৰু ক্ষোভৰ সৃষ্টি হৈছে।

স্থানীয় কংগ্ৰেছী সকলে স্পষ্টকৈ জনায় যে, বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ দৃঢ় সংগঠন আৰু বিস্তৃত সমৰ্থন থকাৰ পিছতো যদি সমষ্টিটো মিত্ৰদলক এৰি দিয়া হয়, তেন্তে ই দলটোৰ বাবে আত্মঘাতী সিদ্ধান্ত হ’ব। বহু কৰ্মীয়ে অভিযোগ কৰে যে, এনে পদক্ষেপে সমষ্টিটোত কংগ্ৰেছৰ ৰাজনৈতিক অস্তিত্বকো সংকটত পেলাব পাৰে।

এই পৰিস্থিতিৰ প্ৰেক্ষাপটতে কংগ্ৰেছে বিন্নাকান্দি সমষ্টিৰ ৰাজনৈতিক অৱস্থা মূল্যায়নৰ বাবে বিশেষ পৰ্যবেক্ষক প্ৰেৰণ কৰিছে। AICC ৰ স্কেনিং কমিটিৰ চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধীৰ নিৰ্দেশত স্কেনিং কমিটিৰ সদস্য তথা সাংসদ ইমৰান মাচুদ আৰু অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুদ্দিন আহমেদ আজি বিন্নাকান্দিত উপস্থিত হৈ দলীয় কৰ্মী-সমৰ্থকসকলৰ সৈতে এক মতবিনিময় সভাত অংশগ্ৰহণ কৰে।

WhatsApp Image 2026-03-07 at 9.21.13 AM

বৈঠকত উপস্থিত কৰ্মীসকলে বিন্নাকান্দি সমষ্টি অজাপক এৰি দিয়াৰ সম্ভাৱনাৰ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰি সমষ্টিটোত কংগ্ৰেছেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব বুলি দাবী জনায়।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত সাংসদ ইমৰান মাচুদে কয় যে, বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ যথেষ্ট সৱল সংগঠন আৰু ৰাজনৈতিক স্থিতি আছে। দলীয় কৰ্মীসকলৰ মতামত সংগ্ৰহ কৰি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ইফালে, সমষ্টিটোক লৈ কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু অসন্তোষে আগন্তুক দিনত সমষ্টিটোৰ ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিব পাৰে বুলি ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে।

ডবকা