/asomiyapratidin/media/media_files/2026/02/04/whatsapp-ima-2026-02-04-20-21-28.jpeg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বুধবাৰে এখন সংবাদমেলৰ জৰিয়তে whoishbs.com নামেৰে এটি ৱেবছাইট মুকলি কৰে। কিন্তু আচৰ্যকৰ বিষয় যে ৱেবছাইটটো মুকলি কৰাৰ কিছু সময়ৰ পাছতে দুষ্ট চক্ৰই ৱেবছাইটটোত কাৰিকৰী বিজুতি ঘটাই তথ্যসমূহ ৰাইজৰ মাজলৈ যোৱাত বাধা প্ৰদান কৰে বুলি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ টেকনিকেল দলটোৱে ৱেবছাইটো যাতে কোনো হেকাৰে নিজৰ আয়ত্বলৈ নিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। শীঘ্ৰেই ৱেবছাইটটো উপলব্ধ হ’ব আৰু ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ভূমি তথা আন কেলেংকাৰীৰ তথ্যসমূহ জানিব পাৰিব আৰু নিজাববীয়াকৈয়ো কেলেংকাৰীৰ তথ্য ৱেবছাইটটোত আপলোড কৰিব পাৰিব বুলি কয় প্ৰদেশ কংগ্ৰেছে।
এই ৱেবছাইটোত ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামে-বেনামে থকা সম্পত্তিৰ তালিকাও প্ৰকাশ কৰিব পাৰিব। ৱেবছাইটোৰ উপৰিও মুখ্যমন্ত্ৰীৰ অবাধ সম্পত্তিৰ তথ্য জনাব পৰাকৈ এটি ফোন নম্বৰো মুকলি কৰা হৈছে। ৯১৩৩৪-০০২০০ নম্বৰযোগে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সম্পৰ্কীয় তথ্য ফোন কৰি জনাব পাৰিব।
উল্লেখ্য যে, বিগত কেবাদিনো ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰকে ধৰি একাংশ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এক দুষ্ট চক্ৰই কেবাটাও জনপ্ৰিয় নিউজ চেনেল আৰু নিউজ পৰ্টেলৰ ল’গ’ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াযোগে বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।
ইফালে, আজি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক পোষ্ট কৰি জনাই যে- ৯ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জীতেন্দ্ৰ সিং আৰু ভূপেশ বাঘলৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি সংবাদমেলত কংগ্ৰেছ নেতা কেইগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ১২ হাজাৰ বিঘা ভূমি, ১৭টা কোম্পানীৰ মালিক বুলি কৰা অভিযোগ মিছা, বিদ্বেষপূৰ্ণ আৰু মানহানিমূলক বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি, এই অভিযোগসমূহ ন্যায়ালয়ত প্ৰমাণ কৰিবলৈ কংগ্ৰেছী নেতা কেইজনক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/cnghrss-2026-02-04-20-01-41.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us