/asomiyapratidin/media/media_files/2026/01/16/new-ap-web-4-17-2026-01-16-18-38-41.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক তৎপৰতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ভুৱা প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ অফিচিয়েল ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ কৰা ভোট ভাইবৰ জনমত সমীক্ষাৰ তথ্য সঠিকভাৱে উপস্থাপন কৰা হোৱা নাই বুলি একাংশই অভিযোগ তুলিছে।
ভোট ভাইবে প্ৰকাশ কৰা জনমত সমীক্ষা অনুসৰি অসমৰ জনসাধাৰণে এইবাৰ স্পষ্টভাৱে পৰিৱর্তন বিচাৰিছে। সমীক্ষাৰ তথ্য মতে ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মহিলা আৰু পুৰুষ দুয়ো শ্ৰেণীৰ ভোটাৰৰ মাজত উল্লেখযোগ্য সমৰ্থন লাভ কৰিছে। তথ্য অনুসৰি হিমন্ত বিশ্ব শর্মাক সমৰ্থন আগবঢ়োৱা মহিলা ভোটাৰৰ হাৰ হৈছে ৩৩ শতাংশ আৰু পুৰুষ ভোটাৰৰ হাৰ ২৯ শতাংশ। আনফালে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মহিলা ভোটাৰৰ মাজত ৩৫ শতাংশ আৰু পুৰুষ ভোটাৰৰ মাজত ৩২ শতাংশ সমৰ্থন লাভ কৰিছে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে।
যদিও এই পৃথক তথ্যসমূহৰ উপৰিও সমীক্ষাৰ সামগ্ৰিক বিশ্লেষণে ভিন্ন চিত্র আগবঢ়াইছে। ভোট ভাইবৰ বিস্তৃত বিশ্লেষণ অনুসৰি ৰাজ্যৰ প্ৰায় ৫৫ শতাংশ মহিলা ভোটাৰৰ প্ৰথম পছন্দ হিমন্ত বিশ্ব শর্মা। কিন্তু এই গুৰুত্বপূৰ্ণ তথ্য কংগ্ৰেছে নিজস্ব অফিচিয়েল পেজত আপলোড কৰা সমীক্ষাত স্পষ্টভাৱে উল্লেখ নকৰা বা ভিন্ন ৰূপহে উপস্থাপন কৰা হৈছে বুলি অভিযোগ।
ইফালে, ৰাজনৈতিক পৰ্যবেক্ষক আৰু বিশ্লেষকসকলৰ মতে, জনমত সমীক্ষা আংশিক বা উদ্দেশ্যপ্ৰণোদিত ভাৱে প্ৰকাশ কৰা হ'লে ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এনে কাৰ্যই নিৰ্বাচনী পৰিৱেশক প্ৰভাৱিত কৰাৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us