/asomiyapratidin/media/media_files/2026/02/11/fedfdsdsdsdsd-2026-02-11-23-34-05.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰীত গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, বিৰোধী ঐক্য সফল হওক আদি শ্লোগান দি আজি আগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত উপৰহালীত কংগ্ৰেছৰ এটি প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰা হয়। এই শিৱিৰত সৰ্বভাৰতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে অনিল আগৰৱালাই অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত সন্দৰ্ভত ভাষণ আগবঢ়ায়।
এই সভাত অনিল আগৰৱালাই সৰ্বকালৰ দুৰ্নীতি পৰায়ণ অসমৰ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মকাণ্ডত অসমবাসীয়ে লজ্জিত হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ প্ৰতি পিঠি দি বাৰে ভচহু কথাৰে অসমৰ অৰ্থনীতি ধ্বংস কৰিলে। মুখ্যমন্ত্ৰীৰ আসনখনৰ তেওঁ মৰ্যদাকেই হানি কৰিছে বুলিও তেওঁ সদৰী কৰে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ৰামপুৰ ব্লক কংগ্ৰেছ কমিটি, মা চণ্ডীকা ব্লক কংগ্ৰেছ কমিটি, ছয়ানী ৰাণী ব্লক কংগ্ৰেছ কমিটি, পলাশবাৰী টাউন ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বি এল এ, বুথ সদস্য /সদস্যা সকলক আগত বিধান সভা নিৰ্বাচনৰ বাবে ৰণ নীতি প্ৰস্তুতৰ লক্ষ্যৰে আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত উপৰহালীস্থিত চিলাৰায় ভৱনত মাখন কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এই সভাত।
নেতাগৰাকীয়ে লগতে কয়- আমাক উন্নয়নহে লাগে, আমাক শিক্ষা লাগে, আমাক স্বাস্থ্য লাগে। আজি সকলো পিনে কেৱল শূন্য। অসমৰ ৰাইজে ভীষণ যাতনাত দিন কটাবলগীয়া হৈছে। চাৰিওফালে এক অৰাজক পৰিস্থিতি। এই পৰিপ্ৰেক্ষিতত বিজেপিক বিদায় দিয়াৰ সময় আহি পৰিছে। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নাপালো। বিজেপি চৰকাৰে আমাক ন্যায় দিব নোৱাৰিলে। গতিকে আগত নিৰ্বাচনত আমি বিজেপিক উৎখাত কৰিবই লাগিব। এই বিষয়ত আমাৰ কংগ্ৰেছৰ ৰণনীতি সদায় সঠিক দিশত ঐক্যবদ্ধভাৱে পৰিচালিত হ'ব লাগিব বুলি অনিল আগৰৱালাই ভাষণত কয়।
এই সভাত কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিত কুমাৰ চৌধুৰীয়ে ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ সাংগঠনিক দিশ মজবুট কৰিবলৈ আহ্বান জনায়। বিজেপিৰ শাসনক একনায়কত্ববাদী বুলি তেওঁ সমালোচনা কৰে। এইক্ষেত্ৰত আগত নিৰ্বাচনত কংগ্ৰেছকৰ্মীসকলক ঐক্যবদ্ধভাৱে থাকি দলীয় নীতি নিৰ্দেশনা পালন কৰি যাবলৈ কংগ্ৰেছ কৰ্মী সকললৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/11/whatsapp-image-202-2026-02-11-23-32-51.jpeg)
এই সভাত ভাষণ প্ৰসংগত কংগ্ৰেছ কৰ্মী বিপ্লৱ চন্দ্ৰ তালুকদাৰে পলাশবাৰী সমষ্টিত মাটি, চুপাৰী চিণ্ডিকেটৰ সৈতে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে বিজেপিৰ একাংশ নেতা কৰ্মী জড়িত অভিযোগ উত্থাপন কৰে। বিধায়ক ঠাকুৰীয়াই তেওঁৰ ভাতৃক অভিযন্তাৰ পৰা ঠিকাদাৰ হিচাপে সফল কৰি দেখুৱালে বুলি কয়। পলাশবাৰীত এতিয়াও বহু সাধাৰণ মানুহে চৰকাৰৰ আচনিৰ পৰা বঞ্চিত হৈছে। আচনি দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিধায়ক। কংগ্ৰেছৰ মিটিঙত বিদ্যুৎ কৰ্তন কৰিব বিচৰা সেই সকল বিজেপি নেতাক তালুকদাৰে প্ৰত্যাহ্বান জনায়। কংগ্ৰেছ কৰ্মী সকলক শক্তি শালী ৰূপত কাম কৰিবলৈও আহ্বান জনাই নেতাগৰাকীয়ে।
এই সভাত লোহাৰঘাট, বাগান, মুদুকী, ৰাণী, ছয়গাঁও, বৰিহাট, সাতপখলী, বঙৰা, ঝাৰোবড়ী আদি ঠাইৰ পৰা অহা কংগ্ৰেছ কৰ্মীকে ধৰি কংগ্ৰেছৰ পলাশবাৰীৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী, বুথ সভাপতি আদিয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us