/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-21-26-04.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনাঃ অসম আৰু অসমীয়াৰ স্বদেশ আৰু স্বজাতিৰ স্থায়ী সুৰক্ষাৰ শ্ল'গান দি শাসনৰ গাদীত বহিছিল বিজেপি দল। পিছে ক্ষমতাৰ ৰাগীত বলীয়ান হোৱা এই উগ্ৰ সাম্প্ৰদায়িক বিজেপি দলে স্বদেশ আৰু স্বজাতিৰ সুৰক্ষাৰ প্ৰতি পিঠি দিয়াহে দেখা গ'ল। শাসন ক্ষমতা কুক্ষীগত কৰাৰ স্বাৰ্থত ভয়ংকৰ প্ৰতাৰণাৰ ৰাজনীতিৰে জনজীৱন অতিষ্ঠ কৰি তোলা এই গেৰুৱা দলৰ কৰাল গ্ৰাসৰ পৰা ৰাজ্যখনক বচোৱাৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰিছে 'জাতি বচাওক, মাটি বচাওক' শীৰ্ষক এক কাৰ্যসূচী।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি,লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব লগা এই গণ পদযাত্ৰা কাৰ্যসূচী দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত হ'ব । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি তথা লজিষ্টিক দিচিপ্লীন এণ্ড ৰোড মেনেজমেণ্ট কমিটিৰ অধ্যক্ষ আনন্দ নৰহে মন্তব্য প্ৰদান কৰে। 'জাতি বচাওক, মাটি বচাওক' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰিদেওবাৰে দুপৰীয়া ১১ বজাত ঢকুৱাখনাৰ মাতমৰা মথাউত ডিব্ৰুগড়ৰ পৰা আহি উপস্থিত হ'ব গৌৰৱ গগৈ । মাতমৰাত দলীয় ভাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু অন্যান্য নেতৃত্বক আদৰণি জনাব দলীয় নেতা কৰ্মীসকলে। পৰৱৰ্তী সময়ত মাতমৰাৰ পৰা ঢকুৱাখনাৰ আমকতিয়া গাঁৱত অৱস্থিত মিনি ষ্টেডিয়ামলৈ বাইক ৰেলীৰে আহিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-21-25-44.jpeg)
নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি উদয় ভানু শ্বেইখ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম আদিয়েও সহযোগিতা কৰিব লগীয়া এই বাইক ৰেলীৰ পাছতে মিনি ষ্টেডিয়ামত এক চমু দলীয় সভাত অংশ গ্ৰহণ কৰিব শীর্ষ নেতৃত্বই । ভিন্ন দলৰ নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিব লগা এই সভাৰ পাছতে সাংসদ গগৈয়ে "জাতি বচাওক মাটি বচাওক" শীৰ্ষক পদযাত্রাৰ শুভাৰম্ভ কৰিব । মিনি ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি পদযাত্ৰাকাৰী দলটোৱে ঢকুৱাখনা নগৰত অৱস্থিত গান্ধী ময়দান প্ৰাঙ্গনত এক পথ সভাত অংশগ্ৰহণ কৰি কাৰ্যসূচীৰ সামৰণি মাৰিব আৰু ইয়াৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ যাব।
দেশ আৰু জাতিক বচোৱাৰ স্বাৰ্থত জন সজাগতা সৃষ্টিৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ কেইবাটাও পৰ্যায়ত বিভিন্ন পৰ্যায়ৰ শীর্ষ নেতৃত্বৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হ'বলগীয়া এই পদযাত্ৰাৰ ঢকুৱাখনাৰ কাৰ্যসূচীত ভাগ লৈ বিয়লি লখিমপুৰলৈ ৰাওনা হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ অন্য নেতৃবৰ্গই । অধ্যক্ষ নৰহে এই কাৰ্যসূচীত দলৰ সকলো স্তৰৰ বিষয়ববীয়া ,কৰ্মকর্তাৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us