/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/Priyanka-Gandhi_1553888374050_1554519681388.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নতুন অধ্যক্ষ কোন হব, ইয়াকে লৈ এতিয়াও অব্যাহত আছে জল্পনা-কল্পনা। বিগত লোকসভা নিৰ্বাচনত কংগ্ৰছৰ শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পাছতে এতিয়া নতুন অধ্যক্ষৰ সন্ধানত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।
ইয়াৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে দেওবাৰে মন্তব্য কৰে যে- কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে প্ৰিয়ংকা গান্ধীয়েই হৈছে বৰ্তমান দলৰ সবাতোকৈ যোগ্য প্ৰাৰ্থী। লগতে তেও কয়- প্ৰিয়ংকা গান্ধী হৈছে দলৰ এখন জনপ্ৰিয় মুখ, তেওক এই দায়িত্ব অৰ্পন কৰিলে দলৰ কৰ্মকতা সকলৰ মাজত উৎসাহ দুগুণে বৃদ্ধি পাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/2019/07/29/411055-shashi-tharoor.jpg)
নেতা গৰাকীয়ে লগতে কংগ্ৰেছৰ ৱৰ্কিং কমিটিখন ভংগ কৰাৰো পোষকতা কৰে। তেও কয় যে এই কমিটিখনে লোৱা বহু সিদ্ধান্তই দলটোক বিভিন্ন সময়ত ক্ষতি কৰিছে। গতিকে এই কমিটি ভংগ কৰি নতুন যুৱ চেহেৰাক কমিটি অন্তভুক্ত কৰিব লাগে। উল্লখ্য যে, লোকসভা নিৰ্বাচনত পৰাজয়বৰন কৰাৰ পাছতে কংগ্ৰেছৰ বহু শীৰ্ষনেতাই পদত্যাগ কৰিছিল।