জন্মাষ্টমী তিথিক লৈ বিভ্ৰান্তি! ৬ সপ্তাহত দুবাৰ জন্ম ল'ব নেকি কৃষ্ণই?

জন্মাষ্টমীক লৈ দেশত এতিয়া এক বিৰ্তকৰ সূচনা হৈছে। বহুতে প্ৰশ্ন কৰিছে যে, জন্মাষ্টমী দুবাৰ কেনেকৈ হ'ব পাৰে? এনে তাৰিখ বিভ্ৰান্তৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে সামাজিক

author-image
Asomiya Pratidin
New Update
ikks

ডিজিটেল ডেস্কঃ জন্মাষ্টমীক লৈ দেশত এতিয়া এক বিৰ্তকৰ সূচনা হৈছে। বহুতে প্ৰশ্ন কৰিছে যে, জন্মাষ্টমী দুবাৰ কেনেকৈ হ'ব পাৰে? এনে তাৰিখ বিভ্ৰান্তৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে সামাজিক মাধ্যমত উত্থাপন কৰিলে এই বিষয়তো। 

শশী থাৰুৱে প্ৰশ্ন কৰিছে যে, সমগ্ৰ দেশত জন্মষ্টমী উদযাপন কৰা হৈছে। কিন্তু কেৰালাকে ধৰি কিছু ৰাজ্যৰ কেলেণ্ডাৰত অহা ১৪ছেপ্টেম্বৰতহে আছে জন্মাষ্টমী। মই এতিয়া সকলোকে সুধিছো যে, ৬ সপ্তাহৰ ব্যৱধানত ভগৱানে দুবাৰকৈ জন্ম ল'ব পাৰে নেকি? 

কংগ্ৰেছ নেতাগৰাকীয়ে এই বিষয়টোক লৈ এক স্পষ্টীকৰণ কোনোৱে দিব নেকি বুলি সামাজিক মাধ্যমত এক পোষ্ট আপলোড কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে, ধাৰ্মিক এনে উতসৱ বোৰক লৈ এনে বিভ্ৰান্ত হোৱাতো ভাল নহয়। এটা ধৰ্মৰ লোকে সকলোৱে একেটা সময়তে উতসৱ পালন কৰাৰ প্ৰৱণতা থাকিব লাগে। 

উল্লেখ কৰা প্ৰয়োজন যে, জন্মাষ্টমীৰ তিথিক লৈ এতিয়া একাংশ লোকৰ মনত উদয় হৈছে চিন্তাৰ। ‘চিন্ময় মিছন’কে ধৰি বহু কেইটা ধৰ্মীয় প্ৰতিষ্ঠানে ৰাজহুৱা কৰা জন্মাষ্টমীৰ তাৰিখক লৈ এতিয়া বিভ্ৰান্তিত পৰিছে ভক্তসকল। ১৬ আগষ্ট আৰু ১৪ চেম্পেম্বৰ- এই দুটা তিথিক লৈ এতিয়া ধৰ্মপ্ৰাণ লোকসকলৰ মনত এই বিভ্ৰান্তিয়ে দেখা দিছে। 

স্বাভাৱিকতে অসমত জন্মাষ্টমী ভাদ মাহত পালন কৰা হয়। অতীতৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিৰ দিনা পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী।  উল্লেখযোগ্য যে, ভাদ মাহৰ কৃষ্ণ পক্ষত যেতিয়া ৰোহিনী নক্ষত্ৰৰ অৱস্থান হয়, তেতিয়াই প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি পালন কৰা হয়। এয়া হৈছে অতীতৰ পৰা অসমত পালন কৰা জন্মাষ্টমী তিথিৰ সবিশেষ। 

তাৰোপৰি কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাতো জন্মাষ্টমীৰ বৰ্ণনা এনেদৰে কৰা হৈছে। সেই অনুসৰি অসমত ২৮ ভাদ, কৃষ্ণ পক্ষ, তিথি অষ্টমী আৰু ইংৰাজী ১৪ চেপ্তেম্বৰৰ দিনা জন্মাষ্টমী পালন কৰা হ’ব। ৰাজ্য চৰকাৰেও ১৪ ছেপ্তেম্বৰৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। 

আনহাতে চিন্ময় মিছনৰ দৰে দেশৰ কেতবোৰ ধৰ্মীয় প্ৰতিষ্ঠানে ৰাজহুৱা কৰা ৩০ শাওন ইংৰাজী ১৬ আগষ্টৰ দিনটোত জন্মাষ্টমী তথা নন্দোৎসৱ পালন কৰিবলৈ লোৱা কাৰ্যকো একাষাৰতে নুই কৰিব নোৱাৰি। কিয়নো সৰ্বভাৰতীয় কেলেণ্ডাৰ মতে বৃন্দাবনকে ধৰি ব্ৰজধামত ৩০ শাওন ইংৰাজী ১৬ আগষ্টত কৃষ্ণৰ জন্মষ্টমী অতি উলাহ-মালহেৰে পালন কৰা হ’ব।

পৰিশেষত পূৰ্বৰ নিয়ম আৰু পৰম্পৰা ৰক্ষা কৰি মূলতঃ ভাদ মাহতে অসমত জন্মাষ্টমী পালন কৰা হ’ব যদিও একাংশ লোকে ১৬ আগষ্টৰ দিনটোতো জন্মাষ্টমী পালনৰ বাবে আয়োজন চলাইছে।

জন্মাষ্টমী শশী থাৰুৰ কংগ্ৰেছ