গৌৰৱ গগৈৰ নেতৃত্বত যোৰহাট জিলাত 'সময় পৰিৱৰ্তনৰ’ যাত্ৰা...

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ 'সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা শুকুৰবাৰে যোৰহাট জিলাত প্ৰৱেশ কৰে

author-image
Asomiya Pratidin
New Update
grvvvv

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ 'সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা শুকুৰবাৰে যোৰহাট জিলাত প্ৰৱেশ কৰে। শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যাত্ৰাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

পুৱা প্ৰায় ৯.৩০ বজাত তিতাবৰ বৰহোলা চাৰিআলিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈসহ সমূহ নেতৃবৃন্দক যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে উষ্ম আদৰণি জনায়। কংগ্ৰেছ নেতৃবৃন্দক গায়ন-বায়ন, দিহানাম আৰু বিহু নৃত্যৰে আদৰণি জনোৱা হয়। ইয়াৰ পাছতে সভাপতি গৌৰৱ গগৈয়ে তিতাবৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

পৰৱৰ্তী কাৰ্যসূচী অনুযায়ী তিতাবৰ ৰে'ল গেটৰ পৰা গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে বিশাল সমদল উলিয়াই বোকাহোলা বাগান খেলপথাৰত উপস্থিত হয়। বোকাহোলা বাগান খেলপথাৰত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 

ৰাইজক সম্বোধন কৰি গগৈয়ে কয় যে- কংগ্ৰেছ দলৰ আদৰ্শ বিজেপিৰ দৰে পুঁজিপতিসকলক বৰপীৰা পাৰি দিয়াতো নহয়, কংগ্ৰেছ দলৰ আদৰ্শ হৈছে দুখীয়া ৰাইজৰ চকুৰ পানী মচি আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰা। গগৈয়ে কয়- ''বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলৰ হাঁহি আৰু আনন্দ-স্ফূৰ্তি দেখিলে এনে লাগে যেন তেওঁলোকে যোৱা ১০ বছৰত অসমৰ দুখীয়া ৰাইজৰ সকলো সমস্যা সমাধান কৰি দিলে। কিন্তু বাস্তৱত হৈছে কি? বাস্তৱত ৰাইজৰ অৱস্থা শোচনীয় হৈছে আৰু মুখ্যমন্ত্ৰী-মন্ত্ৰীসকলৰ উন্নতিয়েই উন্নতি হৈছে। এটা বিশেষ পৰিয়াল আজি ১২ হাজাৰ বিঘা মাটিৰ গৰাকী হৈছে।’’ 

বাগানৰ ভিতৰত, গাঁৱৰ ভিতৰত আজি মদৰ দোকান বৃদ্ধি পাইছে বুলিও ক্ষোভ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে- বিজেপি চৰকাৰৰ দিনত অসমৰ গাঁৱে-ভূঞে মদৰ দোকানৰ লগতে ড্ৰাগছৰ প্ৰচলনো অবাধ হাৰত বৃদ্ধি পাইছে। তাৰ ফলত আজি গাঁৱৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে বুলিও গগৈয়ে কয়। কংগ্ৰেছৰ চৰকাৰ আহিলে গাঁৱে-ভূঞে বিজেপি চৰকাৰে স্থাপন কৰা মদৰ দোকানসমূহ বন্ধ কৰি দিয়া হ’ব বুলিও ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিশ্ৰুতি দিয়ে। 

অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰূপে নিবিচাৰে আৰু নিজৰ পৰিয়ালৰ মাটি-সম্পত্তি বৃদ্ধি কৰাতহে ব্যস্ত হৈ পৰা হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্যতা নাই বুলিও কয় গৌৰৱ গগৈয়ে। আনহাতে, যাত্ৰাৰ মাজতে আজি যোৰহাটত এটি বিশেষ নিৰ্বাচনী গীতো মুকলি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। 

'আলি কাটি জালি দিম বৰপীৰা পাৰি দিম/এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম’ শীৰ্ষক গীতটি মুকলি কৰি গগৈয়ে সমাগত নিৰ্বাচনত সমূহ ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিব বুলি আশা প্ৰকাশ কৰে। আজি যোৰহাটত এখন সংবাদমেলো সম্বোধন কৰে গৌৰৱ গগৈয়ে। 

সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে- বিজেপিৰ চৰকাৰে বৰ্তমান অসমৰ মহিলাসকলক আঁচনিৰ পিঞ্জৰাত বন্দী কৰি ৰাখিছে। অৰুণোদয়ৰ ১২৫০ টকাৰ বাবে গোটেই মাহটোৱেই বিজেপি চৰকাৰখনে মহিলাসকলক দৌৰাই থাকে বুলিও কয় গৌৰৱ গগৈয়ে। 

''আপোনালোকে নিজৰ ঘৰৰ কাম এৰি বিজেপিৰ সভালৈ যাবলগীয়া হয়। আপোনালোকে দেওবাৰে দেওবাৰে যাবলগীয়া হয় মোদীৰ মন কী বাত শুনিবলৈ। আপোনালোকে যাবলগীয়া হয় চেক বিতৰণৰ সভালৈ। সেইবোৰ সভালৈ নগ’লে ১২৫০ টকা নিদিও বুলি ভাবুকি দিয়ে। কাৰণ এইখন বিজেপি চৰকাৰে মানুহক সুবিধা দিবলৈ নাজানে, ভোটৰ বাবে মানুহক অপশাসন জাঁপি দিবলৈহে জানে।’’- এখন হাতেৰে ১২৫০ টকা দি, আনখন হাতেৰে মহিলাসকলৰ মূল্যৱান সময় কাঢ়ি লৈ বিজেপি চৰকাৰখনে মহিলাসকলক অন্যায় কৰি আহিছে বুলি উল্লেখ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে। 

এনে কাৰ্যক সেৱাৰ মনোভাৱ নহয়, ৰাজত্বৰ মনোভাৱ আখ্যা দিয়ে গগৈয়ে। গাঁৱে গাঁৱে মদৰ দোকান মুকলি কৰাৰ ফলত গাঁওবোৰত অপৰাধ সংঘটিত হৈছে আৰু ঘৰুৱা অশান্তি বৃদ্ধি পাইছে বুলিও গগৈয়ে কয়। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমত অপৰাধ নোহোৱা হোৱা বুলি দেখুৱাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কোনোধৰণৰ এজাহাৰ নল’বলৈ নিৰ্দেশ দিছে বুলিও সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে। 

ইয়াৰ পাছতে যোৰহাট নগৰত পদযাত্ৰাতো ভাগ লয় গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। পদযাত্ৰাৰ অন্তত সৰ্বাইবন্ধা ৰাজহুৱা প্ৰেক্ষাগৃহৰ লগতে গোহাঁই ফেঁচুৱালতো বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। 

শুকুৰবাৰৰ এই যাত্ৰাত গৌৰৱ গগৈক অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, প্ৰাক্তন বিধায়ক ৰাজীৱলোচন পেগুকে আদি কৰি যোৰহাট জিলা কংগ্ৰেছৰ কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে সংগ দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই সদৰী কৰা মতে, কাইলৈ শিৱসাগৰ আৰু ডিমৌত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত 'সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

অসম প্ৰদেশ কংগ্ৰেছ