ডিব্ৰুগড় জিলাত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ যাত্ৰা'

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ 'সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা আজি ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰে।

author-image
Asomiya Pratidin
New Update
FDEFTERERE

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ 'সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা আজি ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এই যাত্ৰা আজি জিলাখনৰ নাহৰকটীয়া, দুলীয়াজান আৰু টিংখং সমষ্টিৰ মাজেৰে পদযাত্ৰা আৰু বাইক ৰেলীৰ জৰিয়তে অগ্ৰসৰ হয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নাহৰকটীয়াৰ ৰাইদঙীয়া নামঘৰত মহাপ্ৰভুৰ আশীষ গ্ৰহণ কৰি আজিৰ যাত্ৰা আৰম্ভ কৰে। যাত্ৰা আৰম্ভ হোৱাৰ পিছতে কংগ্ৰেছৰ নেতৃত্বক নাহৰকটীয়া সমষ্টিৰ নিগম তিনিআলিত ৰাইজে উষ্ম আদৰণি জনায়। ৰাইজক সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে সকলো জাতি-ধৰ্ম-বৰ্ণক লৈ "নতুন বৰ অসম" গঢ়ি তুলিবলৈ কংগ্ৰেছ চিৰকাল সংকল্পবদ্ধ। এই যাত্ৰা কেৱল ৰাজনৈতিক কাৰ্যসূচী নহয়— ই হৈছে ৰাইজৰ হৃদয়ৰ সৈতে সংযোগ স্থাপনৰ এক আন্তৰিক প্ৰয়াস।

তেওঁ লগতে কয় যে, ''আমি বাগান অঞ্চলৰ লগতে প্ৰতিখন গাঁৱতে শিক্ষা, স্বাস্থ্যৰ এক ভাল পৰিৱেশ গঢ়ি তুলিব বিচাৰো। আমি মহিলাসকলে আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব বিচাৰো। কংগ্ৰেছ চৰকাৰ আহিলে আঁচনিবোৰ আৰু ভাল কৰি তোলা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, কংগ্ৰেছ চৰকাৰ আহিলে দলীয় সভালৈ নগ’লেও যোগ্য প্ৰতিগৰাকী মহিলাই ঘৰতে বহি থাকিয়েই আঁচনিৰ ধন একাউণ্টত লাভ কৰিবলৈ সমৰ্থ হ’ব। যাত্ৰাৰ মাজতে ডিব্ৰুগড়ৰ ঘিনাই ব্যপ্তিষ্ট খ্ৰীষ্টিয় সমাজৰ বিষয়ববীয়াসকলৰ সৈতেও সভাপতি গৌৰৱ গগৈয়ে মত বিনিময় কৰে। লগতে সভাপতি গগৈয়ে গীৰ্জাত কেণ্ডেল জ্বলাই সকলোৰে মংগল কামনা কৰে। ইয়াৰ উপৰিও নাহৰকটীয়াস্থিত টাই ফাকেৰ উপাসনা স্থল আৰু টিপলিঙৰ নামঘৰতো সেৱা লয় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।

আনহাতে, দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ শ্ৰমিক-কৰ্মচাৰী, টিপলিং তিনিআলিৰ স্থানীয় ব্যৱসায়ী আৰু কছাৰীপথাৰত খেতিয়কসকলৰ সৈতেও মত বিনিময় কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। উল্লেখ্য যে, আজি যাত্ৰাৰ সময়ত নাহৰকটীয়া, দুলীয়াজান আৰু টিংখং সমষ্টি ''আলিকাটি জালি দিম, বৰপীৰা পাৰি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম’’ গীতেৰে মুখৰিত হৈ পৰে। একেদৰে, ৰাইজৰ সৈতে মত বিনিময়ৰ উপৰিও এই যাত্ৰা সু-শৃংখলিতভাৱে সমাপনৰ ক্ষেত্ৰত প্ৰতিটো সৰু বৰ দিশ‌ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিজেই তদাৰক কৰে। ৰাইজৰ মাজত থাকি সকলো কামত ‍এনেদৰে নিজেই আগভাগ লোৱাতো প্ৰত্যক্ষ কৰি প্ৰতিগৰাকী প্ৰত্যক্ষদৰ্শী অভিভূত হৈ পৰে।

আজিৰ এই যাত্ৰাত গৌৰৱ গগৈক অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, এটুৱা মুণ্ডা, প্ৰাক্তন বিধায়ক ৰাজু চাহু, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, উদিত ভানু দাস, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভাকে আদি কৰি ডিব্ৰুগড় জিলা কংগ্ৰেছৰ কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে সংগ দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই সদৰী কৰা মতে, কাইলৈ তিনিচুকীয়া জিলাৰ মাকুম, ডুমডুমা আৰু মাৰ্ঘেৰিটাত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত 'সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটী অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ