প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদূলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱন

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱেবছাইট apcc.assam.org যোগে প্ৰায় ১৫০০ আবেদন ডাউনলোড হৈছে। আজিৰ দিনটোতে ১০০ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে।

author-image
Asomiya Pratidin
New Update
yfdysyaxjksa

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদূলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱেবছাইট apcc.assam.org যোগে প্ৰায় ১৫০০ আবেদন ডাউনলোড হৈছে আৰু আজিৰ দিনটোত ১০০ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। উজনি, নামনি আৰু মধ্য অসমৰ ১০০ জন প্ৰাৰ্থীয়ে আজি কংগ্ৰেছ দলৰ দলীয় টিকট লৈ ২০২৬ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আবেদন দাখিল কৰে।

আবেদনৰ লগত প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পুঁজিত ৫০ হাজাৰকৈ টকা ডিমাণ্ড ড্ৰাফটযোগে জমা হৈছে আৰু এতিয়ালৈকে প্ৰায় ২০০ প্ৰাৰ্থীয়ে এনেধৰণৰে ৰাজীৱ ভৱনলৈ আহি আবেদন জমা দি প্ৰাপ্তি স্বীকাৰ লৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে অহা ২০ জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকিব।

আগন্তুক ৩ দিনত ৪০০তকৈয়ো অধিক আবেদন জমা হোৱাৰ আশা আছে। ৰাজীৱ ভৱনত ১৭ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা হিতেশ্বৰ শইকীয়া স্মাৰক গৃহত কেবাখনো টেবুলত এই আবেদনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে, ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটোত কেবাজনো গুৰুত্বপূৰ্ণ নেতা-কৰ্মীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিব।

কংগ্ৰেছ