ডিজিটেল সংবাদ, হাটশিঙিমাৰী : কন্দুৱা গেছ কাণ্ডক লৈ শুক্ৰবাৰে ৰাজ্যজুৰি জিলাই জিলাই কংগ্ৰেছীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত হাটশিঙিমাৰীতো দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।
প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ মহামায়ানগৰস্থিত ৰাজীৱ ভৱনৰ পৰা হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় এক প্ৰতিবাদী কাৰ্যসূচী উলিয়ায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন উত্তাল শ্লোগান দি প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যপালক এখন লিখিত স্মাৰক পত্ৰ প্ৰদান কৰে।
উল্লেখ্যে যে জিলা কংগ্ৰেছৰ এই প্ৰতিবাদৰ পূৰ্বে বিয়লি প্ৰায় ৩-০০ বজাত হাটশিঙিমাৰী ৰাজীৱ ভৱনত মৃদুল ইছলামৰ আত্মাৰ সদগতি বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হয়।