MGNREGA আঁচনিৰ নাম সলনিক লৈ পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ সংবাদমেল...

MGNREGA আঁচনিৰ নাম সলনিক লৈ পশ্চিম কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া।MGNREGA ৰ নতুন নাম সলনি কৰি VB-G RAM G নামাকৰণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ পশ্চিম কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছৰ।

author-image
Asomiya Pratidin
New Update
U8JJJDD

ডিজিটেল সংবাদ, খেৰণিঃ  MGNREGA আঁচনিৰ নাম সলনিক লৈ পশ্চিম কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া।MGNREGA ৰ নতুন নাম সলনি কৰি VB-G RAM G নামাকৰণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ পশ্চিম কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছৰ।

নাম সলনি কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম নোহোৱা কৰাৰ লগতে ৩০ জানৱাৰী, ১৯৪৮ চনত মহাত্মা গান্ধীক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ পাছত নাম সলনিৰে পুনৰ দ্বিতীয়বাৰৰ বাবে মহাত্মা গান্ধীক হত্যা কৰি মহাত্মা গান্ধীক সম্প্ৰতি নিচিহ্নি কৰাৰ চেষ্টা কৰা হৈছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পশ্চিম কাৰ্বি আংলঙৰ জিলা কংগ্ৰেছে।

নাম সলনি কৰিলে উন্নয়ন হোৱা নুবুজায়, দুৰ্নীতিৰ বিৰূদ্ধে তদন্ত আৰম্ভ কৰি বা দুৰ্নীতিৰে ধন আত্মসাত কৰা প্ৰথাটো বন্ধ কৰিলেহে প্ৰকৃত পৰিৱৰ্তন বা উন্নয়ন হব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে APCC তথা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মুখপাত্ৰ মোহন ৰংপিয়ে।

কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ