/asomiyapratidin/media/media_files/2025/02/15/yn4DrQI90fxoIXatPpYE.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক লৈ দেশ জোকাৰি যোৱা বিতৰ্কৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতাই ধৰিছে কংগ্ৰেছ নেতৃত্বই। কংগ্ৰেছ নেতৃত্বই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, আপুনি কোন উৎসৰ পৰা পাকিস্তানী উচ্চায়ুক্ত আৰু সাংসদ গগৈৰ সহিতে ছাত্ৰ-ছাত্ৰীসকল বহি থকা ফটোখন লাভ কৰিছিল? যাৰ ওপৰত ভিত্তি কৰি আপুনি সাংসদ গগৈক জবাবদিহি কৰিব বিচাৰিছে ? ইয়াৰ ভিত্তি কি ?
কোনে আপোনাক এই ফটোৰ যোগান ধৰিছিল ? নে আপোনাৰ নিৰ্দেশতেই এনেদৰে ফটোখন সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল ?এই কথা আপুনি অসমবাসী ৰাইজক স্পষ্টকৈ জনাব পাৰিবনে ? তেতিয়াই অসমৰ ৰাইজে প্ৰকৃত সত্য উন্মোচন কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে কংগ্ৰেছে।
ইয়াৰোপৰি কয় যে, আমি দৃঢ়তাৰে ক'ব পাৰো যে আপুনি সামাজিক মাধ্যমত প্ৰচাৰ কৰা উক্ত ফটোখনেই ভূৱা বা মূল ফটোখনৰ পৰিবৰ্তন কৰা ফটো। যাক ইংৰাজীত Morph বা বিকৃত কৰা বুলিও ক'ব পাৰি।সাংসদ গগৈৰ ভাবমুৰ্তি ম্লান কৰাৰ ই আপোনাৰ এক সম্পূৰ্ণৰূপে উদ্দেশ্য প্ৰণোদিত আৰু সু-পৰিকল্পিত ষড়যন্ত্ৰ। ইয়াৰ সপক্ষত আমি দুটা প্ৰমাণ ৰাইজৰ সন্মুখত তলত দাঙি ধৰিলো-
১) সাংসদ গগৈয়ে ইতিমধ্যেই কৈছে যে বিশ্বৰ বিভিন্ন দেশৰ দিল্লীস্থ উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰদূত সকলক সাক্ষাৎ কৰি ছিৰিজ অৱ লেকচাৰ বা মত-বিনিময়ৰ কাৰ্যসূচীৰ অংশস্বৰূপে ২০১৫ চনৰ ৯ চেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তৰ সৈতে ইউথ ফৰাম অন ফৰেইন পলিচি ৰ সদস্য ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁ মত বিনিময় অনুষ্ঠানত উপস্থিত আছিল।
এই কাৰ্যসূচীৰ এটি বাতৰি ৰাষ্ট্ৰীয় সংবাদ পত্ৰ দা হিন্দুত ফটোসহ প্ৰকাশ হৈছিল। ফটোখনৰ ইমেজ আই ডি হৈছে ১৬৬৪১৬৩৫৩। লক্ষণীয়ভাবে এই ফটোখনত উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে থকা বেনাৰখনত লিখা আছে - পাকিস্তান হাই কমিছন, লেকছাৰ ছিৰিজ,নিউ দিল্লী।
২) ঠিক তেনেদৰে YFFP ৰ নিজা ফেচবুক পেজটো তেওঁলোকে উক্ত কাৰ্যসূচীৰ ফটো ১০ চেপ্তেম্বৰ ২০১৫ তাৰিখে আপলোড কৰিছিল। সেইসমূহ ফটো চালেও দেখিব যে পাকিস্হানী উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে বেনাৰখনত লিখা আছে পাকিস্তান হাই কমিছন, লেকছাৰ ছিৰিজ,নিউ দিল্লী।
আনহাতেদি, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক মাধ্যমত প্ৰচাৰ কৰি থকা ফটোখনত দেখিব যে বেনাৰখনত মাথো লিখা আছে পাকিস্তান হাই কমিছন, লেকছাৰ ছিৰিজ,নিউ দিল্লী বুলিহে । মাজত থকা লেকছাৰ ছিৰিজ শাৰীটো নাই। আচৰিত কথা নহয় নে ? কোনোবাই মৰ্ফ বা এডিট নকৰিলে সেই শাৰীতো হেৰাই যোৱাৰ প্ৰশ্নই নুঠে। আমি সাধাৰণ মানুহ, টেকনিকেল কথা ইমান বুজি নাপাঁও। তথাপি,এই যুক্তিতেই আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নালাগে নে ?
এতিয়া লাখটকীয়া প্ৰশ্নটো হ'ল যে এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ পোৱা আৰু অনুষ্ঠানটোৰ আয়োজনৰ সৈতে জড়িত YFFP এ ২০১৫ চনতে নিজৰ অফিচিয়েল সামাজিক মাধ্যমত দিয়া ফটোবিলাক অসমৰ ৰাইজে বিশ্বাস কৰিব, নে মুখ্যমন্ত্ৰীয়ে উদ্দেশ্যে প্ৰণোদিত ভাবে সামাজিক মাধ্যমত প্ৰচাৰ কৰা ফটোখন বিশ্বাস কৰিব ?
মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে অনুৰোধ জনাই কংগ্ৰেছ নেতৃত্বই কয় যে, আনক প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰথমে আপুনি ফটোখন লাভ কৰা উৎসতো ৰাজহুৱা কৰক। এইয়া আপোনাৰ উদ্দেশ্যে প্ৰণোদিত সুপৰিকল্পিত ষড়যন্ত্ৰ নে আপোনাকো গুজৰাটী পেদলাৰে টুপী(?) পিন্ধালে ? আপুনি ইয়াৰ স্পষ্টীকৰণ দিয়ক ,তাৰ পাছতহে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ যুক্তি আছে বুলি অনুভৱ কৰো। লগতে প্ৰেছ বিজ্ঞপ্তিৰ শেষত উল্লেখ কৰে যে "Don't Underestimate the Intelligence of the Assamese People."