গৌৰীপুৰ আঠানি ব্লক যুৱ কংগ্ৰেছৰ সংবাদমেল

সমগ্ৰ বিষয় সন্দৰ্ভত গৌৰীপুৰ পানবাৰীত অৱস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি যুৱ কংগ্ৰেছৰ ব্লক সভাপতি গৰাকীয়ে বিজেপি নেতা গৰাকীয়ে অনা সকলো অভিযোগ খণ্ডন কৰাৰ লগতে ভিত্তিহীন আৰু মনে সজা অভিযোগেৰে অপ্ৰচাৰ কৰিছে বুলি উল্লেখ কৰে। 

author-image
Asomiya Pratidin
New Update
KJAHDJKHDJKAQWJ
ডিজিটেল সংবাদ, গৌৰীপুৰঃ শনিবাৰে গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিজেপি নেতাই যুৱ কংগ্ৰেছৰ সভাপতি মতিয়ৰ ৰহমানৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ তুলি গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। লগতে বিভিন্ন সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল এই বাতৰি।
সমগ্ৰ বিষয় সন্দৰ্ভত গৌৰীপুৰ পানবাৰীত অৱস্থিত আঠানি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি যুৱ কংগ্ৰেছৰ ব্লক সভাপতি মতিয়ৰ ৰাহমানে বিজেপি নেতা গৰাকীয়ে অনা  সকলো অভিযোগ খণ্ডন কৰাৰ লগতে ভিত্তিহীন আৰু মনে সজা অভিযোগেৰে অপ্ৰচাৰ কৰিছে বুলি উল্লেখ কৰে। 
এই সংবাদমেলত শনিবাৰৰ ঘটনা বিষয়ে বিৱৰণ দি মতিয়ৰ ৰাহমানে কয় যে, বিজেপি দলৰ নেতাগৰাকীয়ে চৰকাৰী কৰ্মচাৰী গ্ৰাম্যসখীৰ জৰিয়তে বিভিন্ন আঁচনি দিয়াৰ কথা কৈ গাঁৱৰ মহিলা সকলোক যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ ঘৰত বিজেপি দলৰ প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ বাবে অলপ কথা কটা কটি হৈছিল।এই ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ নেতা গৰাকীয়ে সভাপতি গৰাকীক ৰাজনৈতিক ক্ষমতা দেখুৱাই ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত কৰে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। উপায় বিহীনহৈ মতিয়ৰ ৰাহমানে এখন এজাহাৰ দাখিল কৰে বুলি সংবাদ মেলত উল্লেখ কৰে। সভাপতি গৰাকীয়ে গৌৰীপুৰ আৰক্ষীক উক্ত বিষয়লৈ সঠিক তদন্ত কৰি সঁচা ঘটনা উদঘাটন কৰি ন্যায় প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে।
গৌৰীপুৰ