জ্যেষ্ঠ কংগ্ৰেছ বিধায়কৰ পদত্যাগ, শীঘ্ৰেই কৰিব বিজেপিত যোগদান...

কংগ্ৰেছতস পুনৰ মোক্ষম আঘাত। এগৰাকী জ্য়েষ্ঠ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ প্ৰস্তুতি চলাইছে।

author-image
Asomiya Pratidin
New Update
জ্যেষ্ঠ কংগ্ৰেছ বিধায়কৰ পদত্যাগ, শীঘ্ৰেই কৰিব বিজেপিত যোগদান...

congress bjp

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। ইতিমধ্যে ঘোষণা হৈছে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত।

Advertisment

কিন্তু নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কংগ্ৰেছত পৰিল মোক্ষম আঘাত। কংগ্ৰেছক আন এক জোকাৰণি দি জ্যেষ্ঠ বিধায়ক ভগৱান বৰদে বুধবাৰে বিধায়ক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে । অতি শীঘ্ৰেই বিধায়ক গৰাকীয়ে যোগদান কৰিব বিজেপিত।

গিৰ সোমনাথ জিলাৰ তালালা আসনক প্ৰতিনিধিত্ব কৰা বৰদে গুজৰাট কংগ্ৰেছৰ সভাপতি জগদীশ ঠাকোৰলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত তেওঁ কয় যে সমৰ্থক সকলৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁঁ দলত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনী টিকট লাভ কৰিব বুলি কোনো প্ৰতিশ্ৰুতি নোলোৱাকৈয়ে তেওঁ বিজেপিত যোগদান কৰিবলৈ সাজু।

ইয়াৰ এদিন পূৰ্বে কংগ্ৰেছ বিধায়ক তথা জনজাতীয় নেতা মোহনসিংহ ৰাথৱাই বিধায়ক আৰু দলৰ সদস্য পদৰ পৰা বিজেপিত যোগদান কৰিবলৈ পদত্যাগ কৰিছল।

গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটদান হ'ব। ভোটগণনা ৮ ডিচেম্বৰত হ'ব। উল্লেখ্য যে, ২০১৭ চনৰ নিৰ্বাচনত ১৮২ খন আসনৰ বিজেপিয়ে ৯৯ খন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন।

rajasthan bjp congress