সমুখত নিৰ্বাচনঃ নতুন দিল্লীত কংগ্ৰেছৰ হাইভল্টেজ বৈঠক

আজি নতুন দিল্লীত কংগ্ৰেছৰ এখন হাইভল্টেজ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল

author-image
Asomiya Pratidin
New Update
new ap web6 (2)

ডিজিটেল ডেস্কঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল। শাসক পক্ষই এফালে আঁচনিসমূহৰ চেক বিতৰণ কৰি ভোটাৰ ৰাইজক নিজৰ পক্ষত ৰখাৰ বাবে চেষ্টা চলাই গৈছে। আনফালে, বিৰোধী দলসমূহে কেনেকৈ বিজেপিক গাদীচ্যুত কৰিব আৰু বিৰোধী ঐক্যমঞ্চৰ এখন চৰকাৰ গঠন কৰিব সেই সন্দৰ্ভত ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। 

আজি নতুন দিল্লীত কংগ্ৰেছৰ এখন হাইভল্টেজ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা জীতেন্দ্ৰ শৰ্মা, দেৱব্ৰত শইকীয়াও মিলিত হয়। 

উক্ত বৈঠকখন নতুন দিল্লীৰ ৰাজাজী মাৰ্গস্থিত মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত অনুষ্ঠিত হয়। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত কৰা হয় এই বৈঠকখন। 

ইফালে, মন কৰিবলগীয়া যে- এই বৈঠকখন সেই সময়ত অনুষ্ঠিত কৰা হৈছে, যিসময়ত ৰেজাউল কৰিমে কংগ্ৰেছ ত্যাগ কৰে।  ৰেজাউলৰ দলত্যাগৰ পাছত এই কথা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছত সৃষ্টি হৈছে আভ্যন্তৰীণ সংঘাত। 

আনহাতে, নতুন দিল্লীত কংগ্ৰেছৰ এই বিশেষ বৈঠকখন অনুষ্ঠিত হোৱাৰ দিনটোতে ৰাজীৱ ভৱনত দলটোৰ নেতাসকলৰ ভিৰ। বৰ্তমানলৈ প্ৰায় ২০০গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনলৈ আহি আবেদন জমা দি প্ৰাপ্তি স্বীকাৰ লৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে অহা ২০ জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকিব। 

উল্লেখযোগ্য যে, ২০২৫চনৰ জুলাইত গুৱাহাটীত উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি, জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল।

গুৱাহাটীত উপস্থিত হোৱাৰ পাছত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তদুপৰি হোটেল কিৰণশ্ৰীত দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হৈছিল APCCৰ নেতাসকলৰ সৈতে। 

কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ