কমলুপৰত কংগ্ৰেছৰ ব্যাপক তৎপৰতাঃ নিশাৰক ভাগতো অনুষ্ঠিত সাংগঠনিক সভা...

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে ব্যাপক তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। আজি কমলপুৰৰ উখুৰাতো কংগ্ৰেছে সাংগঠনিক তৎপৰতা দেখুওৱা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
কমলুপৰত কংগ্ৰেছৰ ব্যাপক তৎপৰতাঃ নিশাৰক ভাগতো অনুষ্ঠিত সাংগঠনিক সভা...

ডিজিটেল ডেস্কঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে ব্যাপক তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। আজি কমলপুৰৰ উখুৰাতো কংগ্ৰেছে সাংগঠনিক তৎপৰতা দেখুওৱা পৰিলক্ষিত হয়। দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা। 

উল্লেখ্য যে, এই কমলুপুৰ সমষ্টিত শেহতীয়াকৈ কংগ্ৰেছৰ তৎপৰতা চকুতলগাকৈ বৃদ্ধি পাইছে। সকলো কংগ্ৰেছ কৰ্মীকে একত্ৰিত কৰি দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। 

সমষ্টিটোত কংগ্ৰেছ দলৰ ভেঁটি শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা এনে প্ৰচেষ্টাৰ মাজতে অনুষ্ঠিত হোৱা সাংগঠনিক সভাই দলৰ তৃণমূল কৰ্মীসকলৰ মনতো উৎসাহ জন্মোৱা পৰিলক্ষিত হৈছে। 

আজি নিশাৰ ভাগত অনুষ্ঠিত হোৱা উখুৰাৰ সাংগঠনিক সভাত দলটোৰ জ্যেষ্ঠ নেতা মতলিবুদ্দিন আহমেদ, কামৰূপ জিলাৰ সভাপতি প্ৰাণজিৎ চৌধুৰীকে ধৰি কেইবাজনো নেতাই। দিনে, নিশাই একাকাৰ কৰি এইদৰে সাংগঠনিক সভা অনুষ্ঠিত কৰি দলটোৱে আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল তৈয়াৰ কৰাত মনোনিবেশ কৰিছে। 

কমলপুৰ কংগ্ৰেছ