/asomiyapratidin/media/media_files/2025/11/09/171-2025-11-09-16-50-35.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : আগন্তুক ২০২৬ চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ধিং সমষ্টিৰ ৰাইজে কঁকালত টঙালি বান্ধিছে। সমষ্টিটোত বিভিন্ন দলৰ তৎপৰতাত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ অগ্ৰসৰ হৈছে।
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰাও বিভিন্ন কাৰ্য্যসূচীৰে সমষ্টিটোত ২০২৬ চনত ধিং সমষ্টি উদ্ধাৰৰ বাবে নিতৌ নতুন নতুন সভা সমিতি, সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সমষ্টিত কংগ্ৰেছ দলৰ প্ৰচাৰ তীব্ৰতৰ কৰি প্ৰতিগৰাকী ভোটাৰৰ কাষ চপাৰ সংকল্পৰে সোমবাৰে ধিং সমষ্টিৰ উত্তৰ ৰৌমাৰী গাঁৱত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
সভাত কংগ্ৰেছ দলৰ নেতা ৰাইহান উদ্দিন চৌধুৰীয়ে ধিং সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰচাৰ প্ৰসাৰ আৰু আগন্তুক দিনত ল'বলগীয়া কাৰ্যক্ৰম সমূহৰ বিষয়ে আলোচনা কৰে। বটাবাৰী ইউ চি ডেকা জনজাতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নুৰ মহম্মদৰ সভাপতিত্বত অনুষ্ঠিত সভাত আবুল হাছেন মিৰ্ধা, জালান উদ্দিনকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী ৰাতিৰ বুকুত গীতৰ মাজেৰে আৰম্ভ কৰা সভাত ধিং সমষ্টিৰ ২৫ টা পঞ্চায়ৰ যুৱক সকলে অংশ গ্ৰহণ কৰে। সভাত উপস্থিত বহুকেইগৰাকী বক্তাই আগন্তক ২০২৬ চনত ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ দখললৈ আনিবলৈ বদ্ধপৰিপক্ক বুলি প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us