/asomiyapratidin/media/media_files/2025/08/10/1-2025-08-10-08-11-38.jpg)
ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ বিহাৰৰ দৰে অসমত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হবলৈ নিদিয়াৰ হুংকাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহানৰ। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ দলীয় তথা সাংগঠনিক পৰ্যালোচনা সভাত উপস্থিত হৈ এনেদৰে হুংকাৰ প্ৰদান কৰে চৌহানে।
লগতে দেশৰ প্ৰতিটো নিৰ্বাচনত নিৰ্বাচন আয়োগৰ সৈতে মিলি বিজেপিয়ে কৰা ভোট চুৰি সন্দৰ্ভত ইতিমধ্যে ৰাহুল গান্ধীয়ে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ কথা চৌহানে উল্লেখ কৰে। তেওঁ কয় যে, বিহাৰত বিজেপিয়ে ভোট চুৰি কৰি বিজেপিৰ ভোট বৃদ্ধি কৰাৰ বিপৰীতে কেৱল RJD, কংগ্ৰেছ, বাওঁপন্থী দল আদি সমৰ্থক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে।
তেওঁ লগতে কয়, গতিকে অসমতো ভোটাৰ তালিকাৰ বিশেষ আৰু ব্যাপক সংশোধনী প্রক্রিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ চেষ্টা বিজেপিয়ে চলাব। আৰু এই চেষ্টা অসমত কোনো কাৰণতে হবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে চৌহানে।