/asomiyapratidin/media/media_files/2025/09/15/tghfhhghhhjhh-2025-09-15-22-26-06.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ সোমবাৰে আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগদান কৰে কংগ্ৰেছ নেত্ৰী শ্বাবানা আখতাৰে। সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে তৎপৰ হোৱাৰ সময়তে বিলাসীপাৰাৰ কংগ্ৰেছ নেত্ৰী শ্বাবানা আখতাৰে আজি আনুষ্ঠানিকভাৱে দলত্যাগ কৰাৰ বিষয়টোয়ে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।
সোমবাৰে ধুবুৰীত এআইউডিএফ দলৰ উদ্যোগত আয়োজন কৰা এখন দলীয় কৰ্মী সভাত ধুবুৰী বিধান সভা সমষ্টিৰ বিধায়ক নজৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত ধুবুৰী জিলাৰ তিনি গৰাকী দলীয় বিধায়ক ক্ৰমে হাফিজ বছিৰ আহ মেদ কাছীমি, বিধায়ক নিজানুৰ ৰহমান আৰু বিধায়ক ছামছুল হুদাৰ উপস্থিতিত ধুবুৰীত কংগ্ৰেছ নেত্ৰী শ্বাবানা আখতাৰে আনুষ্ঠানিকভাবে দলত যোগদান কৰে।
কংগ্ৰেছ দলত যোগদান কৰিয়েই শ্বাবানা আখতাৰে কংগ্ৰেছ নেতৃত্বৰ লগতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰি কয় যে- একমাত্ৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত বৰ্তমানে কংগ্ৰেছৰ কোনো স্থিতিয়ে নোহোৱা হৈ পৰিছে। বিগত লোক সভা নিৰ্বাচনত ধুবুৰী লোকসভাৰ ৰাইজে কংগ্ৰেছ দলটোক হে ভোট দিছিল; ৰকিবুল হুছেইনক ভোট দিয়া নাছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে নেত্ৰীগৰাকীয়ে। তেওঁ লগতে কেতিয়াও সংখ্যালঘু ৰাইজৰ হৈ মাত-নমতা ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পিছতে তেও কংগ্ৰেছ দলত্যাগ কৰি মৌলানা বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল বুলিও উল্লেখ কৰে।