নলবাৰীত বঞ্চিত ৰাতুল : অশোক শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছৰ...

প্ৰদেশ কংগ্ৰেছে লোৱা কাৰ্যসূচী "ভাৰত জোড়ো যাত্ৰা অসম", "বাগানে বাগানে কংগ্ৰেছ", "চাঙে চাঙে কংগ্ৰেছ", "পাহাৰে পাহাৰে কংগ্ৰেছ", ৰাহুল গান্ধী ডাঙৰীয়াৰ "ভাৰত জোড়ো ন্যায় যাত্ৰা" কাৰ্যসূচীত দিন ৰাতি একাকাৰ কৰি কাম কৰিছিলো।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-04 at 9.09.58 PM

ডিজিটেল ডেস্ক : আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ইতিমধ্যে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। মঙলবাৰে ৪২জনীয়া প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশৰ পাছতে দলৰে একাংশ সক্ৰিয় কৰ্মীৰ মাজত সৃষ্টি হৈছে কেতবোৰ প্ৰতিক্ৰিয়াৰ। 

এই তালিকাক লৈ একাংশ নেতা-কৰ্মী সন্তুষ্ট যদিও আন একাংশ নেতা- কৰ্মী মুঠেও সন্তুষ্ট নহয়। ইতিমধ্যে দলে ৰাজহুৱা কৰা এই প্ৰাৰ্থীৰ তালিকাক লৈ মুকলিকৈ সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা নলবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাতুল কলিতাই। 

ৰাতুল কলিতাই সামাজিক মাধ্যমত ক্ষোভ উজাৰি লিখিছে এটি আবেগভৰা পোষ্ট। তেওঁ এনেদৰে লিখিছে- বিগত ২৫ বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত নিষ্ঠা সহকাৰে সেৱা আগবঢ়ালো। ২০০১ চনত অগপৰ দিনৰ গুপ্তহত্যা, দুৰ্নীতি আৰু ৰাজ্যখনৰ অৰ্থনীতি তচনচ কৰাৰ বিৰুদ্ধাচাৰণ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিলো।

২০০৩ চনত এগৰাকী বিশেষ হিন্দুত্ববাদী নেতাই নলবাৰীত ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বেহু ভাঙি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত জয়ী হৈছিলো। কংগ্ৰেছ দলৰ চৰকাৰ থকা ১৫ টা বছৰ কোনো মন্ত্ৰী বিধায়কৰ ওচৰত হাত পাতিব যোৱা নাছিলোঁ।

২০১৪ ত কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পিছৰে পৰা শাসক পক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে চকুত চকু থৈ, ৰাজহাড় পোন কৰি মাত মাতিছিলোঁ। প্ৰতিটো দলীয় কাৰ্যসূচীত শক্তিশালী ৰূপত আগভাগ লৈছিলো। ২০১৯ চনত দলৰ ছচিয়েল মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক হিচাপে ২৪ ঘণ্টাই দলীয় কামত আত্ম নিয়োগ কৰিছিলো।

627405195_1493961025584938_826658773573089378_n


২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই বহু নেতাই মুখ লুকাই থকাৰ সময়ত, পুলিচ প্ৰশাসনৰ ভয়ত ছচিয়েল মিডিয়াত তথাকথিত নেতা সকলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখিব ভয় কৰাৰ সময়তে ছ'চিয়েল মিডিয়াৰ ৰাজ্যিক অধ্যক্ষৰ দায়িত্ব লৈছিলো। মৃত্যুলৈকেও ভয় নকৰি এটাৰ পিছত এটা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দুৰ্নীতি উদঙাই দিছিলো। সেয়া মই নকলেও অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়েই জানে।

প্ৰদেশ কংগ্ৰেছে লোৱা কাৰ্যসূচী "ভাৰত জোড়ো যাত্ৰা অসম", "বাগানে বাগানে কংগ্ৰেছ", "চাঙে চাঙে কংগ্ৰেছ", "পাহাৰে পাহাৰে কংগ্ৰেছ", ৰাহুল গান্ধী ডাঙৰীয়াৰ "ভাৰত জোড়ো ন্যায় যাত্ৰা" কাৰ্যসূচীত দিন ৰাতি একাকাৰ কৰি কাম কৰিছিলো। টিভিৰ পৰ্দাত দলীয় মুখপাত্ৰ হিচাপে নিৰ্ভীক আৰু শক্তিশালী ভাৱে শাসক পক্ষৰ বিৰুদ্ধে যুঁজিছিলো।

২০২১ ত পৰাজয় হোৱাৰ পিছৰে পৰা যেতিয়া কোনো নাছিল নলবাৰী সমষ্টিৰ প্ৰতি গৰাকী কংগ্ৰেছ দলৰ একনিষ্ঠ সাধাৰণ কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে গৈ তেখেতৰ সকলৰ খা খবৰ লৈ থাকিলোঁ, উৎসাহ যোগোৱাৰ লগতে দলৰ সাংগঠনিক কাম কাজ কৰি থাকিলোঁ।

627704607_1494924428821931_2165520441134529521_n

ৰিজাল্ট হিচাপে কি পালোঁ? মাতৃ ICU ৰ বেদত মৃত্যুৰ সৈতে যুঁজি থকা সময়ত মোৰ ঠাইত এনে এজনক দায়িত্ব দিয়া হল, পিছলৈ যিজন বিজেপিত গ'ল। প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ পৰা বাদ পৰিলোঁ। বাৰে বাৰে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈছো। আৰু কিমান সেৱা আগবঢ়াব লাগিব? সাধাৰণ ঘৰৰ পৰা আহি দলত ২৪×৭ নিষ্ঠা সহকাৰে কাম কৰাৰ পিছতো বাৰে বাৰে under estimate কিয় কৰা হ'ল? এনেবোৰ প্ৰশ্নৰ উত্তৰ অসমৰ প্ৰতিগৰাকী নিষ্ঠাবান কংগ্ৰেছ নেতা কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ ওচৰত এৰিলোঁ।

উল্লেখযোগ্য যে, নলবাৰীত এইবাৰ কংগ্ৰেছ দলে প্ৰাক্তন বিধায়ক অশোক শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাতুল কলিতাই।

অশোক শৰ্মা