/asomiyapratidin/media/media_files/2025/12/28/bvvbvbvbvbvb-2025-12-28-15-17-26.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ অগ্নিগৰ্ভা পৰিস্থিতি ক্ৰমাৎ শান্ত হোৱাৰ পিছতে প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলাই দিয়া বিশেষ ভাৱে সক্ষম যুৱক সুৰুজ দে ঘৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা কৰ্মী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/capturegfrgfgfg-2025-12-28-15-20-22.jpg)
কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, দুধনৈৰ বিধায়ক যাদৱ চৈগিয়াৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া, প্ৰাক্তন বিধায়ক মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি আৰু বহু কংগ্ৰেছ নেতা কৰ্মী আজি উপস্থিত হয় সুৰুজ দেৰ বাসগৃহত। প্ৰথমে সুৰুজ দে ঘৰত উপস্থিত হৈ বিৰোধী দলটিয়ে ঘটনাৰ বুজ লোৱাৰ লগতে দূৰ্ভগীয়া পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/captureyuyuy-2025-12-28-15-20-39.jpg)
সমান্তৰালকৈ দুস্কৃৰ্তিকাৰীৰ ওপৰত উচিত তদন্তৰ দাবী জনাব বুলি আস্থা প্ৰকাশ কৰে। তাৰ পিছতে আৰক্ষীৰ গুলীত নিহত হোৱা লিনুচ ফাংচ'ৰ ঘৰলৈ ৰাওনা হয় বিৰোধী দলৰ নেতৃবৃন্দ। লগতে তেওঁলোকে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিজৰ হেমাহিৰ কাৰণে এই ধৰণৰ দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ব পালে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us