বৃত্তাকাৰ ফ্লাইঅ’ভাৰৰ ডিজাইন প্ৰকাশ কৰি বিতৰ্কত কংগ্ৰেছ

পূৰ্বে দীঘলীপুখুৰী-নুনমাটি ফ্লাই অ'ভাৰ আৰু কাজিৰঙা এলিভেটেড কৰিড’ৰৰ দৰে আন্তঃগাঁথনি প্ৰকল্পৰ বিৰোধিতা কৰা কংগ্ৰেছে মুকলি কৰিলে বৃত্তাকাৰ ফ্লাই অভাৰৰ ডিজাইন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 6.03.03 PM

ডিজিটেল ডেস্কঃ পূৰ্বে দীঘলীপুখুৰী-নুনমাটি ফ্লাই অ'ভাৰ আৰু কাজিৰঙা এলিভেটেড কৰিড’ৰৰ দৰে আন্তঃগাঁথনি প্ৰকল্পৰ বিৰোধিতা কৰা কংগ্ৰেছে মুকলি কৰিলে বৃত্তাকাৰ ফ্লাই অভাৰৰ ডিজাইন। এইবাৰ ২০২৬ চনৰ নিৰ্বাচনত নিজৰ চৰকাৰ আহিলে তেওঁলোকে নিৰ্মাণ কৰিবলগীয়া  নগৰ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ বাবে এখন বৃত্তাকাৰ ফ্লাই অভাৰৰ অত্যাধুনিক প্ৰকল্পৰ ডিজাইন মুকলি কৰাৰ পাছতে ব্যাপক আলোচনা আৰু সমালোচনাৰ সৃষ্টি হৈছে। 

কংগ্ৰেছৰ মতে,আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোক জয়ী হ’লে জনসাধাৰণৰ যাতায়াতৰ সুবিধা উন্নত কৰিবলৈ এনে ধৰণৰ আধুনিক নগৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব। সামাজিক মাধ্যমত প্ৰকাশ কৰা এই ডিজাইন খনত এখন বৃত্তাকাৰ ফ্লাই অ'ভাৰৰ পৰিকল্পনা দেখুৱাইছে।  কিন্তু ডিজাইনটো প্ৰচাৰ হোৱাৰ পাছতেই বহু নেটিজেনে ইয়াক লৈ তাব্ৰ কটাক্ষ কৰিছে। বহুতে আকৌ ইয়াক AIৰ সহায়ত নিৰ্মিত ডিজাইন বুলি উল্লেখ কৰে। 

WhatsApp Image 2026-03-06 at 5.12.36 PM

উল্লেখ্য যে, এই বিষয়টোত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ এটা পোষ্টত উল্লেখ কৰে যে, কিছুদিন পূৰ্বে গৌৰৱ গগৈৱে দীঘলীপুখুৰী–নুনমাটি ফ্লাই অভাৰ আৰু কাজিৰঙা এলিভেটেড কৰিড’ৰৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ বিৰোধিতা কৰিছিল। সেই পৰিপ্ৰেক্ষিতত এতিয়া কংগ্ৰেছৰ দ্বাৰা মুকলি কৰা এই নতুন নগৰ উন্নয়ন পৰিকল্পনাক লৈ ৰাজনৈতিক ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছে।সামজিক মাধ্যমত ভাইৰেল হোৱা এই ফটোখনে কংগ্ৰেছৰ অদূৰদৰ্শী চিন্তাৰ ইংগিত বহন কৰিছে বুলি সমালোচকসকলে উল্লেখ কৰে।

WhatsApp Image 2026-03-06 at 5.12.37 PM

মন্ত্ৰী পীযুষ হাজৰিকা