'অসমীয়া আৰু খিলঞ্জীয়া মানুহ শক্তিশালী হ'লে কংগ্ৰেছে বেয়া পাই': পীযূষ হাজৰিকা

সমীয়া মানুহ আৰু খিলঞ্জীয়া মানুহ যেতিয়া শক্তিশালী হয়, তেতিয়া কংগ্ৰেছে বেয়া পায় ৷ কংগ্ৰেছে বাংলাদেশীহে গুৰুত্ব দিয়ে, বাংলাদেশৰ পৰা কংগ্ৰেছ দল চলে-পীযূষ হাজৰিকা

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জাগীৰোডঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। তাৰেই অংশস্বৰূপে আজি জাগীৰোড বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ দেৱাল লিখন অৰ্থাৎৱাল পেইণ্টিং অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি সমষ্টিটোত দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

 দেৱাল লিখন অভিযান অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী পীযূষ হাজৰিকাই বিৰোধী কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ মন্তব্য কৰে যে, 'অসমীয়া মানুহ আৰু খিলঞ্জীয়া মানুহ যেতিয়া শক্তিশালী হয়, তেতিয়া কংগ্ৰেছে বেয়া পায় ৷ কংগ্ৰেছে বাংলাদেশীহে গুৰুত্ব দিয়ে, বাংলাদেশৰ পৰা কংগ্ৰেছ দল চলে। কংগ্ৰেছে বেয়া পোৱা, ভাল পোৱাক অসমীয়াই, ভাৰতীয়ই একো গুৰুত্ব নিদিয়ে।

মন্ত্ৰী হাজৰিকাৰ অভিযোগ কংগ্ৰেছ দলে সদায় অসমীয়াৰ স্বাৰ্থ উপেক্ষা কৰি আহিছে। অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাই বিজেপিৰ মূল লক্ষ্য। বিজেপি চৰকাৰৰ দিনত অসমীয়াৰ অস্তিত্ব, ভাষা, সংস্কৃতি আৰু ভূমিৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁৰ মন্তব্য। লগতে মন্ত্ৰী পীযূষ হাজৰিকাই সাধাৰণ জনতাক আহ্বান জনাই কয় যে আগন্তুক নিৰ্বাচনত বিজেপিক পুনৰ শক্তিশালীভাৱে সমৰ্থন কৰি অসমত উন্নয়ন আৰু সুৰক্ষাৰ ধাৰাবাহিকতা বজাই ৰাখিব লাগে।

উল্লেখযোগ্য যে জাগীৰোড সমষ্টিত আগন্তুক দিনসমূহত বিজেপিয়ে আৰু কেইবাটাও জনসভা, পদযাত্ৰা আৰু প্ৰচাৰ অভিযান অনুষ্ঠিত কৰাৰ পৰিকল্পনা লৈছে। দলীয় কৰ্মীসকলৰ মতে, এই দেৱাল লিখন অভিযানৰ মাধ্যমে জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰি বিজেপিয়ে নিৰ্বাচনী যুদ্ধত অধিক শক্তিশালীভাৱে অৱতীৰ্ণ হ’বলৈ সাজু হৈছে। ঘৰে-ঘৰে বিজেপিৰ নীতি, আদৰ্শ আৰু উন্নয়নমূলক কাৰ্যসূচী জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে।

জাগীৰোড