টাই-আহোম জনগোষ্ঠীৰ লগতে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিছিল কংগ্ৰেছে : টাইপা

কংগ্ৰেছে বিধানসভাত টাই-আহোম জনগোষ্ঠীৰ লগতে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিছিল। কংগ্ৰেছৰ ভুলৰ বাবে আজি ছয় জনগোষ্ঠীক জনজাতিকৰণত জটিলতা আহি পৰিছে । আমি ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছো

author-image
Asomiya Pratidin
New Update
110

ডিজিটেল সংবাদ, শিৱসাগৰ : কংগ্ৰেছে বিধানসভাত টাই-আহোম জনগোষ্ঠীৰ লগতে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিছিল। কংগ্ৰেছৰ ভুলৰ বাবে আজি ছয় জনগোষ্ঠীক জনজাতিকৰণত জটিলতা আহি পৰিছে । আমি ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছো আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ফলপ্ৰসূ বাৰ্তা আনিব বুলি আমি আশাবাদী।- এই মন্তব্য টাইপাৰ সভাপতি দিগন্ত তামুলীৰ।

শনিবাৰে শিৱসাগৰত জনজাতিকৰণৰ দাবী উলিওৱা জোঁৰ সমদল কাৰ্যসূচীত অংশ লৈ টাইপাৰ সভাপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। শিৱসাগৰৰ ৰংঘৰৰ পৰা উলিওৱা হয় জোঁৰ সমদল কাৰ্যসূচীৰ পূৰ্বে ভাষণ দাঙি ধৰি সভাপতিগৰাকীয়ে টাই-আহোম জনগোষ্ঠীয়ে বিগত তিনিটা দশক ধৰি জনজাতিকৰণৰ দাবী জনাই আহিছে বুলি উল্লেখ কৰি কোনো এখন চৰকাৰে জনজাতিকৰণৰ ব্যৱস্থা নকৰাত অসন্তুষ্টি ব্যক্ত কৰে।

তেওঁ কয় যে বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনে অসমীয়া খিলঞ্জীয়া ৰাইজক সংখ্যালঘুত পৰিণত কৰিছে। অসমী আই আজি অস্তিত্বৰ সংকটত ভুগিছে। গতিকে অসমীয়া ৰাইজ আজি যদি ৰাজনৈতিকভাৱে সুৰক্ষিত হ`বলগীয়া হয় তেন্তে তাৰ পৰিত্ৰাণৰ একমাত্ৰ উপায়টো হৈছে টাই-আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।

এই যে লাখ লাখ মানুহ অহাৰ ব্যৱস্থাটো যাতে চলি থাকে, অসম যাতে এখন জনজাতীয় ৰাজ্য নহয়, অসম যাতে চিৰদিনৰ কাৰণে খিলঞ্জীয়াৰ ৰাজ্য নহয়, সেই পথ ৰুদ্ধ কৰাৰ কাৰণে বিগত কংগ্ৰেছ চৰকাৰে জাতিটোৰ কফিনত এটা গজাল মাৰি থৈ গৈছে। শেহতীয়াভাৱে জনগোষ্ঠীটোৰ কিছু নেতৃত্বই ছয় জনগোষ্ঠীক জনজাতিকৰণত আপত্তি আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰে নেতাজনে।

বিগত কংগ্ৰেছ চৰকাৰে বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে বৰ্তামনৰ স্বীকৃত জনজাতিসমূহৰ আপত্তি অবিহনে টাই-আহোমক জনজাতিকৰণ কৰা হ`ব। এনেধৰণৰ প্ৰস্তাৱ বিগত কংগ্ৰেছ চৰকাৰে অসম বিধানসভাত লোৱাৰ ফলত এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পথটো ৰুদ্ধ হৈ গ`ল বুলি নেতাগৰাকীয়ে কয়।

কিন্তু কংগ্ৰেছ চৰকাৰে জনজাতিসমূহৰ আপত্তি অবিহনে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাব লয় যদিও কি ধৰণে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ`ব, তাৰ পথ দেখুৱাই থৈ নগ`ল বুলি ক্ষোভ ব্যক্ত কৰে। যাৰ ফলত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ ৰুদ্ধ হ`ল বুলি অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছে টাই-আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি নেতাগৰাকীয়ে এই প্ৰতাৰণাৰ বাবে ২০১৪ চনৰ পাছৰ পৰা অসমৰ প্ৰত্যেকটো নিৰ্বাচনত ছয় জনগোষ্ঠীৰ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি অহা বুলি মন্তব্য কৰে। টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে পুনৰ কয় যে শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা কথা প্ৰকাশ কৰিছে যে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰী গোটৰ প্ৰতিবেদনখন ২৫ নৱােম্বৰত অসম বিধানসভাত আলোচনা কৰিব।

আমি আশাৰে বাট চাই আছো। আমি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আস্থা প্ৰকাশ কৰিছো যে ২৫ নবেম্বৰত সুফল আহিব। 
নেতাগৰাকীয়ে এই সংগ্ৰাম অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও নহয় বুলি উল্লেখ কৰি এই সংগ্ৰাম সংশ্লিষ্ট কোনোবা জনজাতিৰ বিৰুদ্ধেও নহয় বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ কয় যে এইখন চ্যুকাফাৰ দেশ| এইখন শংকৰ-মাধবৰ দেশ| এইখন অসমত সকলো জাতি-জনগোষ্ঠী যাতে সুৰক্ষিত হৈ থাকে, বাংলাদেশীৰ আগ্ৰাসনৰ পৰা অসমীয়া জাতিয়ে যাতে সুৰক্ষা লাভ কৰে, তাৰ বাবে আমি জনজাতিকৰণ দাবী জনাইছো। কেইটামান চাকৰিৰ কাৰণে আমি জনজাতিকৰণ বিচৰা নাই, আমি বৰ্তমানৰ খিলঞ্জীয়া জনজাতিসকলৰ ক্ষতি কৰিব বিচৰা নাই।

সেইবাবে আমি চৰকাৰলৈ আহ্বান জনাইছো- আমাক জনজাতিকৰণ কৰক, অসমীয়াক সুৰক্ষিত কৰক| বাংলাদেশী মিঞাৰ আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰাৰ এটা সাংবিধানিক উপায়, সেয়া হ`ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ| ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ`লে অসমখন জনজাতীয় ৰাজ্যলৈ পৰিগণিত হ`ব আৰু অসম বিধানসভাৰ ৬০ শতাংশ আসন অসমীয়া খিলঞ্জীয়া ৰাইজৰ বাবে সুৰক্ষিত হ`ব।অসমীয়া ৰাইজ ৰাজনৈতিকভাবে সুৰক্ষিত হ`ব| সেইবাবে আমি জনজাতিকৰণ বিচাৰিছো বুলি নেতাগৰাকীয়ে ভাষণত উল্লেখ কৰে।

কংগ্ৰেছ