বিভাজন হ’ব নেকি কংগ্ৰেছ ? ‘জি-২৩’ গোটে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

বিভাজন হ’ব নেকি কংগ্ৰেছ ? ‘জি-২৩’ গোটে লৈছে  গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

ডিজিটেল ডেস্কঃ অস্তিত্বৰ সংকটত ভূগিছে দেশৰ প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছ। অৰ্ধশতিকাতকৈও অধিক সময় দেশ শাসন কৰা এই কংগ্ৰেছ দলৰ এতিয়া অৱস্থা অতি পুতৌজনক।২০১৪ চনৰ দেশাৰ সাধাৰণ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছৰে পৰা কংগ্ৰেছে  দেশত পুনৰ মূৰ দাঙি থিয় হ'ব পৰা নাই। ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ উপৰিও এখনৰ পিছত আন এখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনতো পৰাজিত হৈছে দলটো।

এনে পৰিস্থিতিত দলটোৰ নেতৃত্বৰ প্ৰতি মাজে সময়ে প্ৰশ্নৰ উত্থাপন হৈছে। বিশেষকৈ ৫ ৰাজ্যৰ বিধানসভাত পৰাজিত হোৱাৰ পিছৰে পৰা কংগ্ৰেছ নেতৃত্বক সৰ্বস্তৰতে সমালোচনা কৰা হৈছে। দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মনোবল সম্পূৰ্ণৰূপে ভংগ হৈছে।

ইয়াৰ মাজতে আকৌ দলটোৰ একাংশ শীৰ্ষ নেতাই কংগ্ৰেছৰ এই বিপৰ্যয়ৰ বাবে দলটোৰ নেতৃত্বক জগৰীয়া কৰিছে যদিও আন একাংশ নেতাই গান্ধী পৰিয়াল অবিহনে কংগ্ৰেছ শূন্য বুলি এক ধাৰণা পূৰ্বৰ দৰে এতিয়াও প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে। যাৰ বাবে এতিয়া দলটোৰ নেতাৰ মাজতে বিতৰ্ক আৰম্ভ হৈছে।

এনেধৰণেও প্ৰচাৰ চলিছে যে, গান্ধি পৰিয়ালৰ নেতৃত্বক বিশ্বাস নকৰা কংগ্ৰেছৰ একাংশ নেতাই কংগ্ৰেছ ত্যাগ কৰি নতুনকৈ দল গঠন কৰিব। বিশেষকৈ কংগ্ৰেছৰ জি-২৩ গোটে কংগ্ৰেছ বিভাজন কৰিব বুলি চৰ্চা চলি আহিছে।

এনে পৰিস্থিতিত প্ৰশ্ন হয় সঁচাকৈয়ে বিভাজন হ'বনেকি কংগ্ৰেছৰ?  জানিব পৰা মতে কংগ্ৰেছক বিভাজন কৰাৰ বাবে আগ্ৰহী নহয় জি-২৩ ৰ নেতাসকল। এই বিদ্ৰোহী নেতাসকলে কংগ্ৰেছক শক্তিশালী কৰিবলৈ দলটোত ব্যাপক সংস্কাৰ কৰাৰ ক্ষেত্ৰত হে আগ্ৰহী।

মন কৰিবলগীয়া যে, কংগ্ৰেছৰ জি-২৩ গোটে দলটোৰ নেতৃত্ব সলনি কৰিবলৈ পূৰ্বৰে পৰা দাবী কৰি আহিছে। কপিল চিব্বাল, গুলাম নবী আজাদৰ দৰে শীৰ্ষ তথা জ্যেষ্ঠ নেতাৰ এই জি-২৩ গোটে কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰি অহাৰ লগতে দলটোৰ নেতৃত্ব পৰিবৰ্তন কৰিবলৈ দাবী উত্থাপন কৰি আহিছে।

বুধবাৰে শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনত লজ্জাজনকভাৱে পৰাজিত হোৱাৰ পিছত কংগ্ৰেছৰ এই বিদ্ৰোহী নেতাৰ গোট জি-২৩ য়ে এক বৈঠকত মিলিত হয়। এই জি-২৩ নেতৃত্বই কংগ্ৰেছ বিভাজনৰ বিৰোধিতা কৰিছে। উল্লেখ্য যে, জি-২৩ গোটে কংগ্ৰেছ বিভাজন কৰিব বুলি প্ৰচাৰ চলিছিল। ইয়াৰ বিপৰীতে এতিয়া জি-২৩ নেতৃত্বই কংগ্ৰেছ দলটোৰ শীৰ্ষ পদত থকা গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নেতাসকলক দলৰ নেতৃত্বৰ পৰা অব্যাহতি দিবলৈ প্ৰস্তাব আগবঢ়াব। উল্লেখ্য যে কংগ্ৰেছৰ একাংশ নেতাই গান্ধি পৰিয়ালৰ প্ৰিয়ভাজন হৈ থাকিবলৈ অন্ধভাৱে সকলো সিদ্ধান্তই মানি লোৱাৰ লগতে বাৰম্বাৰ দলটো বিফল হোৱাৰ পিছতো নেতৃত্বৰ সলনি কৰিবলৈ দাবী উত্থাপন কৰা নাই।

জি-২৩ গোটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় যে, যিহেতু দলটো প্ৰয়োজনতকৈ অধিক দুৰ্বল হৈ পৰিছে গতিকে দলটোক ৰক্ষা কৰিবলৈ বিভাজনেই একমাত্ৰ উপায় নহয়। বিভাজন কৰিলে দল ৰক্ষা নপৰে।সেয়েহে দলটোৰ সংস্কাৰক ওপৰত গুৰুত্ব প্ৰদান কৰিব।

বৈঠকত অংশগ্ৰহণ কৰা জি-২৩ গোটৰ অন্যতম নেতা গুলাম নবী আজাদে বৃহস্পতিবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাত কৰিব আৰু জি-২৩ ৰ সিদ্ধান্তসমূহ ছোনিয়া গান্ধিক অৱগত কৰিব।

ইফালে কংগ্ৰেছৰ এই বিপৰ্যয়ৰ পিছতে কংগ্ৰেছ দলটোৰ  ৱৰ্কিং কমিটীৰ এক বৈঠক দেওবাৰে অনুষ্ঠিত হৈ যায়। প্ৰায় ৪ ঘণ্টা ধৰি চলা এই বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধি, ৰাহুল গান্ধি আৰু দলটোৰ সম্পাদক প্ৰিয়ংকা গান্ধি উপস্থিত আছিল। ইয়াৰ উপৰিও দলটোৰ আন আন শীৰ্ষ নেতাৰ লগতে জি-২৩ নেতৃত্বও এই বৈঠকত উপস্থিত আছিল।

এই বৈঠকৰ পিছতে ছোনিয়া গান্ধি পুনৰ দলটোৰ সভাপতি হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু পুনৰবাৰ চিন্তন শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in