/asomiyapratidin/media/media_files/2025/09/01/sdfsdssd-2025-09-01-20-06-22.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দুষ্কৃতিকাৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ সা-সম্পত্তি ধ্বংস কৰাৰ বিৰুদ্ধে সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ভঙাগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই স্বাক্ষৰ কৰা গোচৰত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ৰাজীৱ ভৱনৰ সমুখত কৰা দুষ্কাৰ্যৰ তথ্য, ভিডিঅ’ ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ বিৱৰণৰ ওপৰত ভিত্তি কৰি অভিযোগ দাখিল কৰা হয়।
উল্লেখযোগ্য যে, বিজেপিৰ একাংশ লোকে ৩১ আগষ্টত দিনৰ ১ বজাত ভঙাগড়ৰ দিশৰ পৰা আহি আৰক্ষীৰ বাধা নেওচি আৰক্ষীৰ সন্মুখতে বেআইনীভাৱে কংগ্ৰেছৰ ডাঙৰ ডাঙৰ হৰ্ডিং ভাঙি নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল। অকল সেয়াই নহয়, আৰক্ষী বিষয়াৰ লগতো খণ্ডযুদ্ধ কৰি আৰক্ষীৰ খাকী পোছাকত ক’লা দাগ লগাইছিল।
ভাৰতীয় ন্যায় সংহিতাৰ ৯১, ১৯১, ১৯২, ১৩১, ১৩২, ৩২৪, ৩২৯ আৰু ৩৫১ ধাৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই ভিডিঅ’ ফুটেজত প্ৰত্যক্ষ কৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰত্না সিং, ৰূপম গোস্বামী, জুৰি শৰ্মা বৰদলৈ, গুঞ্জন বৰ্মন, ৰঞ্জীৱ শৰ্মা, নিহাৰেন্দ্ৰ শৰ্মা, পূৰবী ৰয় আৰু সিদ্ধাংকু অংকুৰ বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই কয় যে, "কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ লগতে শোণিতপুৰ জিলা কংগ্ৰেছ আৰু নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়তো আক্ৰমণ চলাইছে। প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কোনো বক্তব্য প্ৰদান কৰা নাই আৰু যি অভিযোগ উত্থাপন কৰা হৈছে সেই সভাখনত ৰাহুল গান্ধীয়ে সভাকক্ষ এৰাৰ ১৬ মিনিটৰ পিছত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন কৰ্মী মহম্মদ ৰিজভিয়ে মন্তব্য প্ৰদান কৰিছিল। সেই লোকজনক ইতিমধ্যে বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।"
কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কেৱল মিথ্যাচাৰৰ দ্বাৰাই কংগ্ৰেছক বদনামী কৰা ভাৰতীয় জনতা পাৰ্টীৰ এই নেতাসকলক প্ৰত্যাহ্বান জনাই ভূঞাই কয় যে, "ৰাহুল গান্ধীয়ে যদি কিবা কথা কৈছিল তাৰ তথ্য তেওঁলোকে ৰাজহুৱা কৰক আৰু এটা ৰাজনৈতিক দলৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ পৰিৱৰ্তে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাতো গণতন্ত্ৰৰ প্ৰতি ভাবুকিস্বৰূপ।" এই অশুভ পৰম্পৰা বিজেপিয়ে আৰম্ভ কৰা বুলি উল্লেখ কৰি ভূঞাই কয় যে, "ৰাজনৈতিক দলৰ কাৰ্যালয় আক্ৰমণ কৰা এই ঘটনা ইতিহাসত ক’লা আখৰেৰে লিখা থাকিব।"
ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজীৱ ভৱনত বিজেপিৰ নেতা-কৰ্মীয়ে চলোৱা আক্ৰমণ নিম্ন মানসিকতাৰ পৰিচায়ক বুলি উল্লেখ কৰি কয় যে, "হতাশগ্ৰস্ত একাংশ ক্ষমতালোভী মানুহে নিজৰ গাদী আৰু সা-সুবিধা হেৰোৱাৰ আশংকাত এইদৰে ক্ষোভৰ বৰ্হিঃপ্ৰকাশ কৰিছে। বিজেপিৰ দুষ্কৃতিকাৰীৰ এই কাণ্ড অসমৰ ৰাইজে নীৰৱে হ’লেও সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকা" বুলিও বৰাই উল্লেখ কৰে। ভঙাগড় আৰক্ষী থানাত গোচৰ দিবলৈ যোৱা দলটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোহন বসুমতাৰী, মেহদী আলম বৰা, বেদব্ৰত বৰা, ৰূপক দাস, মুখপাত্ৰ উপেন ৰাজনাথ, ছাইজুদ্দিন আহমেদ, আনোৱাৰ হুছেইন, মোস্তাক গোলাম ওছমানি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us