/asomiyapratidin/media/media_files/2025/09/04/gaurav-gogoi-2025-09-04-21-08-56.jpeg)
ডিজিটেল ডেস্কঃ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে আৰম্ভ কৰা কিছু কামকাজ আৰু সেই ক্ষেত্ৰত গৌৰৱ গগৈৰ ভূমিকাই এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। দলটোৱে এফালে শাসকীয় বিজেপিক যি কৰ্মৰ বাবে সমালোচনা কৰে সেই কামেই নিজেও কৰি যেন বিজেপিকেই অনুসৰণ কৰিছে তাৰ উদাহৰণ বহু কেইটাই দাঙি ধৰিছে। প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকৰ দায়বদ্ধতাক লৈয়ো।
আজি ৰাজ্যজুৰি পালন হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰো দায়িত্বত থকা গৌৰৱ গগৈৰ জন্মদিন। পুৱাৰে পৰা সামাজিক মাধ্যমত তেওঁক কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীৰ পৰা আৰম্ভ কৰি দলটোৰ শীৰ্ষ নেতালৈকে আনকি বিপক্ষৰো বহু কেইজন জ্যেষ্ঠ নেতাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন পোষ্ট দিছে। সামাজিক মাধ্যমৰ এই শুভেচ্ছা অৱশ্যে স্বাভাৱিক আৰু এয়া সৌজন্যতাৰো এক পৰিচয়।
কিন্তু দলটোৱে আজি আনুষ্ঠানিকভাৱে কে’ক কাটি অতি ধুমধামেৰে গৌৰৱ গগৈৰ জন্মদিন উদযাপন কৰা কাৰ্যই বহুতকে চিন্তিত কৰি তুলিছে। কিয়নো গৌৰৱ গগৈৰ জন্মদিন উদযাপনৰ এই আয়োজন এনে এক সময়ত হৈছে যি সময়ত ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ আধাৰত কেন্দ্ৰয় জাৰি কৰা অধিসূচনাই এক মেঘাচ্ছন্ন পৰিবেশৰ সূচনা কৰিছে। উচ্ছেদৰ সন্মুখীন হৈ দিনে-নিশাই, ৰ’দে-বৰষুণে,অনাহাৰে-অনিদ্ৰাৰে একাংশই সময় অতিবাহিত কৰিছে।
অসমৰ বিভিন্ন দল, সংগঠনৰ লগতে খোদ কংগ্ৰেছেও বিৰোধিতা কৰা কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা ২০২৪ ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধিৰ সিদ্ধান্তৰে অধিসূচনা জাৰি কৰিছে। এনে মাৰাত্মক সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছে ৩ ছেপ্তেম্বৰ, ২০২৫ ত বিবৃতি প্ৰকাশ কৰি ইয়াৰ বিৰোধিতাও কৰিছে। তাৰোপৰি সদৌ অসম ছাত্ৰ সন্থাক মুকলিকৈ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈয়ো আহ্বান জনাইছে।
সদৌ অসম ছাত্ৰ সন্থাই নিজা সিদ্ধান্তৰ বাবেই হওঁক বা কংগ্ৰেছৰ আহ্বানৰ বাবেই হওঁক আজি সমগ্ৰ ৰাজ্যতে জিলা সদৰসমূহত অনশনৰে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে। কিন্তু এই সময়তে অতি দৃষ্টিকটুভাৱে কংগ্ৰেছ দলে জিলাই জিলাই উদযাপন কৰিলে গৌৰৱ গগৈৰ জন্মদিন। পাহৰি গ’ল সৰ্বনাশী নাগৰিকত্ব সংশোধনী আইনৰ নতুন অধিসূচনা। পাহৰি গ’ল উচ্ছেদিতৰ বাবে উলিওৱা তেওঁলোকৰ চকুলোৰ কথা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/04/kamrup-congress-2025-09-04-21-16-55.png)
কোনোবা ঠাইত যদি দলটোৰ বিধায়ককে ধৰি অন্যান্য শীৰ্ষ নেতৃত্বৰ উপস্থিতিত কেক কাটি গৌৰৱ গগৈৰ জন্মদিন উদযাপন কৰা হ’ল আন ক’ৰবাত আকৌ তেওঁৰ নামত হ’ল দোৱা মেহফিল। জুৰিয়াত নুৰুল হুদাই নেতৃত্ব ল’লে এই দোৱা মেহফিলৰ আৰু গোলাঘাট জিলা কংগ্ৰেছে আঠখেলীয়া নামঘৰত সদল-বলৈ গৈ আগবঢ়ালে শৰাই। বাদ পৰি নৰ’ল কামৰূপ জিলা কংগ্ৰেছো। অনুৰূপ ধৰণে প্ৰায় প্ৰতিখন জিলাতেই একেই কাৰ্যসূচী।
অথচ এইসকল কংগ্ৰেছীয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন জাকজমকতাৰে উদযাপনৰ বিৰোধিতাৰে সমালোচনা কৰি আহিছে। সেয়ে প্ৰশ্ন হয়, যি কংগ্ৰেছে বিজেপিক তেওঁলোকৰ নেতৃত্বৰ জন্মদিন উদযাপনৰ বাবে সমালোচনা কৰে সেই কংগ্ৰেছীয়েই কিদৰে এই বৰ্ণাঢ্য আয়োজনেৰে তেওঁলোকৰ নেতাৰ জন্মদিন উদযাপন কৰিছে বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনে সৃষ্টি কৰা এই উদ্বিগ্ন সময়ত?
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/04/nurul-huda-congress-2025-09-04-21-17-51.png)
যিসময়ত দলটোৱে জাকজমকতাৰ পৰা আঁতৰি ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ বিৰুদ্ধে এক জনমত গঠন কৰিব পাৰিব লাগিছিল, শাসক পক্ষৰ অনীতি, দুৰ্নীতি, অনিয়মক তুলি ধৰিব পাৰিব লাগিছিল সেই সময়ত দলটো এতিয়া ব্যস্ত কেৱল ব্যক্তি পূজাত। মুখ্যমন্ত্ৰী নহওঁতেই গৌৰৱ গগৈৰ প্ৰতি দেখুওৱা এই তৈল মৰ্দনে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ সপোন পূৰণ হ’লে কি পৰ্যায়ত পাবগৈ সেয়াও এক চিন্তাৰ বিষয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/04/golaghat-congress-2025-09-04-21-18-48.png)
যি উচ্ছেদক অমানৱীয়, বেআইনী বুলি কংগ্ৰেছে দাবী উত্থাপন কৰি উচ্ছেদিতৰ হৈ চকু পানী উলিয়াইছে সেইসকল উচ্ছেদিত কি অৱস্থাত আছে, যিসকলক বেআইনী, অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে তেওঁলোকৰ ন্যায়ৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে? নাগৰিকত্ব সংশোধনী আইনৰ নতুন অধিসূচনাৰ বিৰুদ্ধে কেৱল বিবৃতি আৰু আনলৈ বল ঠেলিয়েই দায়িত্ব শেষ কৰিছেনেকি দলটোৱে? এইবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে।
সাংসদ গৌৰৱ গগৈৰ জন্মদিন নে বৰ্তমানৰ ৰাজ্যৰ পৰিস্থিতি, পৰিবেশ অধিক গুৰুত্বপূৰ্ণ সেয়া দলটোৱে স্পষ্ট কৰাৰ প্ৰয়োজন আছে। সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণতে দায়িত্ব শেষ কৰা কংগ্ৰেছী নেতাৰ দায়বদ্ধতা কিমান সেয়া আজি জিলাই জিলাই চলা গৌৰৱ গগৈৰ জন্মদিনৰ মহা আয়োজনে উদঙাই দিছে।