Published on:
Updated on:
- দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ 'ভাৰত বচাও' সমাবেশ।
- সমাবেশত উপস্থিত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী।
- প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে সমাবেশত।
- সমাবেশত ভাষণ প্ৰদান প্ৰিয়ংকা গান্দী বাদ্ৰাৰ।
- 'প্ৰতিটো বাছ ষ্টপ আৰু প্ৰতিখন কাগজতে দেখা যায় মোডী 'হ্যে তোহ মুমকিন হ্যে' শ্ল'গান।
- 'কিন্তু বাস্তৱ সত্যটো হৈছে বিজেপি আছে বাবেই পিয়াজৰ ১০০ টকা প্ৰতিকিলো সম্ভৱ হৈছে।'
- 'বিজেপি আছে বাবেই যোৱা ৪৫ বৰ্ষত সৰ্বাধিক সংস্থাপনহীনতা বৃদ্ধি সম্ভৱ হৈছে।'
- 'বিজেপি আছে বাবেই ৪ কোটি সংস্থাপন আজি নোহোৱা হোৱাটো সম্ভৱ হৈছে।'
- 'মই এই দেশৰ সকলো নাগৰিকক তেওঁলোকৰ কণ্ঠ উত্থাপন কৰিবলৈ আহ্বান জনাইছো।'
- 'কিয়নো আপোনালোক সকলোৱে এই দেশক ভাল পায়।'
- 'যদি আজি আপোনালোকে বিৰোধিতা নকৰে, তেন্তে ভয়ৰ অন্ধকাৰ পৃথিৱীত সোমাই পৰিব।'
- 'মিছা আস্থাৰ মাজতে আবদ্ধ হৈ পৰিব আপোনালোক।'
- 'আৰু আমাৰ সংবিধান এদিন ধ্বংস হৈ যাব।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in