/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-17-07-16.jpg)
ডিজিটেল ডেস্কঃ এম জি এনৰেগাৰ বিলুপ্তকৰণৰ বিৰুদ্ধে দেশজুৰি আন্দোলন কৰিব কংগ্ৰেছ দলে। কংগ্ৰেছে "এম জি এনৰেগা বাচাও" শীৰ্ষক ৩ টা পৰ্যায়ৰ আন্দোলন ঘোষণা কৰে। নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক কে. চি. বেণুগোপাল আৰু জয়ৰাম ৰমেশে ৮ জানুৱাৰীৰ পৰা দেশজুৰি ৪৫ দিনীয়া এক ব্যাপক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/image-26-2026-01-03-17-08-52.png)
উল্লেখ্য যে, বেণুগোপালে কযয় যে এম জি এনৰেগা সন্দৰ্ভত ভৱিষ্যতৰ ৰণকৌশল চূড়ান্ত কৰি "এম জি এনৰেগা বাচাও সংগ্ৰাম" শীৰ্ষক এক অভিযানত অনুমোদন জনাইছে। প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত সাধাৰণ সম্পাদক আৰু প্ৰভাৰীসকলৰ উপস্থিতিত সম্পূৰ্ণ দিনজোৰা প্ৰস্তুতিমূলক বৈঠকৰ জৰিয়তে ৮ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হ'ব । ১০ জানুৱাৰীত জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ সংবাদমেল অনুষ্ঠিত হ'ব । তাৰ পাছত ১১ জানুৱাৰীত জিলা সদৰত মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওচৰত এদিনীয়া অনশন কাৰ্যসূচী অনুষ্ঠিত হ'ব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/image-27-2026-01-03-17-09-08.png)
ইপিনে ১২ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান চলিব । এই সময়ছোৱাত সকলো গাঁও পঞ্চায়ততে পঞ্চায়ত পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব, লগতে কংগ্ৰেছৰ সভাপতিৰ পৰা পত্ৰ প্ৰেৰণ কৰা হ'ব । ৩১ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈকে জিলা আয়ুক্ত/ডিএমৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ এমএনৰেগা বচাও ধৰ্ণাৰ সৈতে তৃতীয় পৰ্যায় আৰম্ভ হ'ব । লগতে ৭ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ বিধান সভা ঘেৰাওৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ৰ আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত সমগ্ৰ দেশতে ৪ টা খণ্ডত এআইচিচি ৰেলী অনুষ্ঠিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/image-28-2026-01-03-17-09-21.png)
প্ৰণিধানযোগ্য যে, জয়ৰাম ৰমেশে মন্তব্য কৰে যে "আমি বিৰোধী দলৰ সৈতেও কথা পাতিম । অধিৱেশনৰ সময়ত সদনৰ বিৰোধী দলসমূহে নতুন এমএনৰেগা আইনখনৰ বিৰোধিতা কৰিছিল । বিভিন্ন ৰাজ্যত বিভিন্ন বিৰোধী দলৰ চৰকাৰ আছে । আমি কথা পাতিম আৰু সকলোকে অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us