শিক্ষক দিৱস উপলক্ষে কুৰুৱাবাহীৰ অৱসৰপ্ৰাপ্ত শিক্ষক চিদানন্দ দে'লৈ সম্বৰ্ধনা

ৰাজ্যজুৰি উদযাপন কৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে বোকাখাত সমজিলাৰ কুৰুৱাবাহীৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক চিদানন্দ দে'ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
249

ডিজিটেল সংবাদ, বোকাখাত : ৰাজ্যজুৰি উদযাপন কৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে বোকাখাত সমজিলাৰ কুৰুৱাবাহীৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক চিদানন্দ দে'ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দে'ক তেখেতৰ কুৰুৱাবাহী নগঞা গাঁওৰ বাসগৃহত এখনি চেলেং চাদৰ, এখনি মানপত্ৰ আৰু এখনি গ্ৰন্থ প্ৰদানেৰে এই সম্বৰ্ধনা জ্ঞাপন কৰে অসম সাহিত্য সভাৰ নকৈ গঠিত কুৰুৱাবাহী শাখা সাহিত্য সভাই।

পল্লৱ হাজৰিকা আৰু পাপুমণি হাজৰিকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক জীৱন শইকীয়া, কুৰুৱাবাহী শাখা সাহিত্য সভাৰ সভাপতি নকুল শইকীয়া, সম্পাদক পাপুমণি হাজৰিকা, উপদেষ্টা ধৰণী দাস, পল্লৱ হাজৰিকা, চিদানন্দ দে'ৰ পত্নী, জ্যেষ্ঠ পুত্ৰ আৰু স্থানীয় ব্যক্তিসকল। কুৰুৱাবাহীৰ দৰে এটি প্ৰান্তীয় অঞ্চলত অনেক প্ৰত্যাহ্বানৰ মাজেৰে শিক্ষক চিদানন্দ দে'য়ে আগবঢ়াইছিল বিশেষ শৈক্ষিক অৱদান।

অঞ্চলটোৰ বিভিন্ন সামাজিক-শৈক্ষিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ তেখেতে অঞ্চলটোৰ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদান নিশ্চয়কৈ স্মৰণীয়। উল্লেখযোগ্য যে ১৯৬০ চনত তেতিয়াৰ অপ্ৰাদেশিকৃত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰা শিক্ষক চিদানন্দ দে'য়ে পৰৱৰ্তী সময়ত কিছুদিনৰ বাবে ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল যদিও ১৯৮২ চনত তেতিয়াৰ অপ্ৰাদেশিকৃত পৰঙ্গনীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে।

তেখেতে শিক্ষকতা কৰি থকাৰ সময়তে পৰঙ্গনীয়া উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰাদেশিকীকৰণ হয় আৰু উক্ত বিদ্যালয়ৰ পৰা ২০০৩ চনত তেখেতে অৱসৰ গ্ৰহন কৰে।

শিক্ষক দিৱস