তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাঁচ শতাধিক কৃতিমান ছাত্ৰ-ছাত্ৰীক অভিনন্দন

আমাৰ দেশখন প্ৰজ্ঞাৰ লগত জড়িত, "ভা' মানে পোহৰ আৰু 'ৰত' মানে বৰ্তি হৈ থকা। জ্ঞান প্ৰজ্ঞাৰ লগত যিসকল লোক বৰ্তি হৈ থাকে সেয়াই হৈছে ভাৰত। 

author-image
Asomiya Pratidin
New Update
225

ডিজিটেল সংবাদ, তেজপুৰ : আমাৰ দেশখন প্ৰজ্ঞাৰ লগত জড়িত, "ভা' মানে পোহৰ আৰু 'ৰত' মানে বৰ্তি হৈ থকা। জ্ঞান প্ৰজ্ঞাৰ লগত যিসকল লোক বৰ্তি হৈ থাকে সেয়াই হৈছে ভাৰত। 

সেয়েহে আমাৰ ভাৰতবৰ্ষত জ্ঞান প্ৰজ্ঞাৰ সাধনা অতি পুৰণি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই দেওবাৰে তেজপুৰত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত অংশগ্ৰহণ কৰি এইদৰে কয়। 

উল্লেখ্য যে ২০২৫ বৰ্ষৰ উচ্চ, উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উজলি উঠা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে তেজপুৰ কলেজিয়েট খেলপথাৰত আজি দিনৰ ১২-০০ বজাৰ পৰা তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজিত কৰে। 

WhatsApp Image 2025-08-31 at 8.49.06 PM

সেই অনুসৰি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথৰ সঞ্চালনাত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । 

এইক্ষেত্ৰত নিজা ভাষণত ড° ননীগোপাল মহন্তই কয়- যি সময়ত বৃটিছ সাম্ৰাজ্যবাদীকে ধৰি ইউৰোপীয় দেশসমূহে এছিয়া, দক্ষিণ আফ্ৰিকাকে ধৰি অন্যান্য দেশলৈ তেওলোকৰ সাম্ৰাজ্যবাদী শক্তি চিন্তাক ৰপ্তানি কৰিছিল সেই মুহূৰ্তৰ পূৰ্বেই কিন্ত ভাৰতবৰ্ষই হেজাৰ বছৰ আগতেই জ্ঞান সাধনা মুকলি কৰিছিল। 

ইয়াৰোপৰি ড° মহন্তই কয় যে ভাৰতবৰ্ষৰ জ্ঞান প্ৰজ্ঞাৰ পৰম্পৰাৰ ধাৰাটোৰ লগত অসমো ওতঃপ্ৰোতভাৱে জড়িত আছিল। শংকৰ- মাধৱৰ দিনৰ পৰা চুকাফা চিলাৰায়, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতিকে ধৰি বৰণ্য অসমীয়াসকলে জ্ঞান প্ৰজ্ঞাৰ ধাৰাটো ধৰি ৰাখি অসমক ভাৰতবৰ্ষৰ লগতে বিশ্বত উজলাই তুলিছে আৰু তেওলোকৰ জ্ঞান গৰিমাই দপদপাই থাকিবলৈ সক্ষম হৈছিল আৰু আজি নতুন প্ৰজন্মও এই মহানসকলৰ উত্তৰসূৰী হ’ব লাগিব। 

তদুপৰি কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যৰে আয়োজিত অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহন্তই কৃতিমানসকলক উদ্দেশ্য কৰি কয় যে কৃতিমান হৈ তোমালোকে অভিমান - স্বাভিমান মনলৈ নানিবা, তোমালোকে ভাল ৰিজাল্ট কৰিছা আৰু জীৱনৰ প্ৰাপ্তি ইমানতে শেষ নহয়। তোমালোকৰ জীৱন যাত্ৰাৰ ই এক সফল আৰম্ভণি। 

এই সফল আৰম্ভণিতেই সাংঘাতিক প্ৰাপ্তি সাফল্য বুলি নেভাবিবা, কাৰণ জীৱনৰ এটা দীঘলীয়া বাট আছে আৰু জীৱনৰ এই দীঘলীয়া বাটত সফলতা ধৰি ৰাখিব পাৰিলেহে জীৱন সফল হ’ব। বিশিষ্ট শিক্ষাবিদ ড° ননীগোপাল মহন্তই আৰু কয় এতিয়া নম্বৰ পালেই নহ’ব অন্যান্য দিশতো সফল হ’ব লাগিব। 

অসমত বিজ্ঞান আৰু বাণিজ্য শাখাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম বুলি উল্লেখ কৰি ড° মহন্তই লগতে কয় যে দক্ষিণৰ ৰাজ্যসমূহত বিজ্ঞান আৰু বাণিজ্যত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা ৭০ শতাংশ যদিও অসমত ৪০ শতাংশহে, এয়া ৰাজ্যখনৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। 

WhatsApp Image 2025-08-31 at 8.49.07 PM

তেওঁ আৰু কয় বৰ্তমান চৰকাৰখনে স্বচ্ছভাৱে ১ লাখ ৩০ হেজাৰক নিযুক্তি দিয়াৰ বিপৰীতে ২০ লাখ নিবনুৱা থাকি গৈছে। গতিকে আজিৰ তথ্য প্ৰযুক্তিৰ যুগত চৰকাৰী চাকৰিমুখী নহৈ বিজ্ঞান প্ৰযুক্তি আৰু বাণিজ্যিৰ ক্ষেত্ৰখনত ছাত্ৰছাত্ৰীসকল নিয়োজিত হৈ স্বাৱলম্বী হ’ব লাগে। 

উল্লেখ্য যে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন পাঠকে আদৰণি ভাষণ দিয়া অনুষ্ঠানত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন শইকীয়াই বন্তি প্ৰজ্বলন কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্য অভিমুখে একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। 

আনহাতে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে অনুষ্ঠানৰ উদ্বোধন কৰি নিজা ভাষণত কয়- মেধাৰ লগতে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও মানৱীয়তা আৰু মুল্যবোধ পাহৰিব নেলাগে, সমানে বজাই ৰাখিব লাগিব।  

অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথে ভাষণত কয়- জীৱনৰ যি আচল শিক্ষা সেয়া শ্ৰেণীকোঠাৰ ভিতৰত নহয়, বাহিৰৰ পৃথিৱীখনতে পোৱা যায় প্ৰকৃত শিক্ষা। 

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লগতে কয়- পৰীক্ষা আৰু নম্বৰ তথা মাৰ্কশ্বিটে জীৱনৰ জোখ নলয়, জীৱনৰ জোখ লয় অন্যান্য সুন্দৰ কৰ্মৰাজিয়েহে। কৃতিমানসকলৰ উদ্দেশি আজুৰ সভাপতি নাথে কয় যে কবি নীলমণি ফুকনে কৈছিল প্ৰতিটো নক্ষত্ৰৰ পিঠিতে আকাশখন বৰ্তি আছে, একেদৰে ছাত্ৰ-ছাত্ৰীসকলো একোটা নক্ষত্ৰ, যাৰ পিঠিত বৰ্তি আছে আশা ভৰষাৰ কৃতকাৰ্যতাৰ সকলো সম্ভাৱনাৰ সুবিশাল আকাশ। 

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি সদৌ অসম কলেজ শিক্ষক সন্থাৰ সভাপতি ড° জয়ন্ত বৰুৱাই কয়- নিজৰ লক্ষ্যত উপনীত হোৱাৰ সমান্তৰালকৈ তোমালোক এজন ভাল মানুহ তথা ভাল নাগৰিক হ’ব লাগিব। আজিৰ এই অভিনন্দন অনুষ্ঠানেই তোমালোকৰ কাৰণে শেষ নহয়, কিয়নো ভৱিষ্যতে আৰু অধিক অভিনন্দন লাভ কৰিবৰ কাৰণেই আজি অভিনন্দন জনোৱা হৈছে। 

WhatsApp Image 2025-08-31 at 9.46.49 PM

লগতে পিতৃ-মাতৃৰ সপোনক বুকুত লৈ যদি ছাত্ৰ-ছাত্ৰীসকল আগুৱাই যায় তেনেহ’লে কোনো শক্তিয়ে বাধা দিব নোৱাৰে। উল্লেখ্য যে অভিনন্দন অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়া, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ হাজৰিকা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মনোজ হালৈ বিশিষ্ট অতিথি আৰু অসম উন্নতি সভাৰ উপসভাপতি বিপুল বৰা, সদৌ শোণিতপুৰ জিলা সাংবাদিক সন্থা(আজু)ৰ কাৰ্যকৰী সভাপতি দিব্যজ্যোতি নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিতুল বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে। 

উল্লেখ্য যে আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানত উচ্চ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা সকলৰ আৰম্ভ কৰি ষ্টাৰ মাৰ্কপ্ৰাপ্ত পাঁচ শতাধিক কৃতিমান ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু গলবস্ত্ৰৰে অভিনন্দন জনায়। 

ইয়াৰোপৰি দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা ছয়গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনায়। অনুষ্ঠানত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ হৰি কাশ্যপ, শিক্ষা সম্পাদক নিয়ন্তা বৰাকে ধৰি আন আন বিষয়ববীয়া সকল উপস্থিত থাকে। এই অনুষ্ঠানতে ছাত্ৰ সন্থাই কেইবাগৰাকী শিল্পীকো সম্বৰ্ধনা জনায়।

তেজপুৰ