/asomiyapratidin/media/media_files/2025/12/23/515-2025-12-23-21-42-59.jpg)
ডিজিটেল ডেস্ক : অসম সাহিত্য সভাৰ নাট্য সাহিত্য উপ সমিতিৰ উদ্যোগত মঙলবাৰে সন্ধিয়া ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সাংবাদিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, ডা০ শুভ্ৰ কিংকৰ গোস্বামী, নম্ৰতা দত্ত, চিত্ৰ শিল্পী চম্পক বৰবৰা, অৱনী বৰা, সাংবাদিক উৎপল মেনা, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মা, চলচ্চিত্ৰ পৰিচালক অমৰদীপ গগৈকে ধৰি বহু সংখ্যক গন্য- মান্য ব্যক্তি উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-ima-2025-12-23-21-29-09.jpeg)
অসম সাহিত্য সভাই চলচ্চিত্ৰৰ সমালোচনাৰযোগেদি, নাট্য সাহিত্যৰ সাধনাৰযোগেদি আৰু অসমীয়া ভাষা- সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি অহোপুৰুষাৰ্থ কৰি থকা উৎপল দত্তৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ আয়োজনৰযোগেদি অসমীয়া জাতিৰ সমগ্ৰ শিল্পী সত্বাটোকে সন্মানিত কৰিবলৈ প্ৰযত্ন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-im-2025-12-23-21-29-28.jpeg)
উল্লেখযোগ্য যে, আজিৰ সভাৰ প্ৰাৰম্ভতে সেউজ স্বৰ্ণ শাখা সাহিত্য সভা, গোটানগৰৰ সম্পাদক বৰ্ণালী ডেকা বৰঠাকুৰ আৰু শাখাৰ সদস্যাসকলে চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ কৰা হয়। ভাষণ প্ৰসংগত অনুষ্ঠানৰ মধ্যমণি উৎপল দত্তই কয়- সাহিত্য সভাই মোক এক মৰ্যাদা দিছে। কেৱল মোক নহয় চলচ্চিত্ৰ সাহিত্যক দিছে এই মৰ্যাদা। তাৰ বাবে মই কৃতজ্ঞ। মই আশা ৰাখিছো আগন্তুক সময়ত অসম সাহিত্য সভাই চলচ্চিত্ৰৰ বাবে প্ৰয়োজনীয় কিতাপ প্ৰকাশ কৰিব। নতুন প্ৰজন্মক এই কিতাপসমূহে উৎসাহিত কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-image-2025-12-23-21-29-44.jpeg)
একেদৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই সভালৈ অহাৰ কাৰণ ব্যখ্যা কৰে। তেওঁ লগতে উৎপল দত্তৰ সান্নিধ্যৰ কথা সুঁৱৰি কয়- ১৯৯৪ চনত মই সাংবাদিকতা জীৱন আৰম্ভ কৰিছিলো নগাঁৱৰ ৰেডিঅ’ৰ জৰিয়তে। উৎপল দত্তই সেই সময়ত ৰেডিঅ’ত চাকৰি কৰি থাকোতে মোক বাতৰি ৰেক’ৰ্ডিং কৰিবলৈ মাতিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-2025-12-23-21-30-01.jpeg)
তেওঁ আৰু কয়- উৎপল দত্তৰ সৈতে মোৰ সম্পৰ্ক অতি পুৰণি। তেখেত এজন প্ৰচাৰ বিমুখ মানুহ, এগৰাকী নীৰৱ সাধক। তেখেতে স্বৰ্ণকমল বঁটা লাভ কৰাৰ পাছত তেখেতক যিধৰণে তুলি ধৰিব পাৰিব লাগিছিল, সেই ধৰণে তুলি ধৰিব পৰা নাই সংবাদ মাধ্যমে। উৎপল দত্তক আজি অসম সাহিত্য সভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে সম্বৰ্ধনা জনাইছে, তাত মই আনন্দিত হৈছো আৰু তেখেতক অভিনন্দ জনোৱাৰ উদ্দেশ্যে আজিৰ এই সভালৈ আহিছো বুলি প্ৰকাশ মহন্তই ভাষণত উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-image-2025-12-23-21-30-13.jpeg)
তাৰোপৰি ডা০ শুভ্ৰ কিংকৰ গোস্বামী প্ৰমুখ্যে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়েও সাৰুৱা ভাষণ প্ৰদান কৰি অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তোলে। দুয়োগৰাকী অভ্যাগতই উৎপল দত্তক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ সৈতে থকা সুমধুৰ সম্পৰ্কৰ কথা দোহাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-im-2025-12-23-21-30-45.jpeg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা আজিৰ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ স্থায়ী বিত্ত নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, নাট্য সাহিত্য উপ সমিতিৰ উপ সভাপতি নৰেন শইকীয়া আৰু ৰবীন বৰুৱাও উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-i-2025-12-23-21-31-01.jpeg)
বৰাই কয়- নাট্য সাহিত্য ক্ষেত্ৰখনত অসম সাহিত্য সভাই সবল পদক্ষেপ গ্ৰহণ কৰি অসমীয়া নাট্য আন্দোলনটোৰ লগত অসম সাহিত্য সভাক সংপৃক্ত কৰি দিয়াৰ মানসেৰে উপ সমিতিখনৰযোগেদি নাট্য সাহিত্য আন্দোলন আগবঢ়াই যাব। এই ক্ষেত্ৰত অসমৰ নাট্য আন্দোলনৰ লগত জড়িত সকলো ব্যক্তি তথা নাট্য সাহিত্যৰ সাধকসকলক আগুৱাই লৈ যাবৰ বাবে অসম সাহিত্য সভা বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-im-2025-12-23-21-31-12.jpeg)
ইফালে সেউজ স্বৰ্ণ শাখা সাহিত্য সভা,গোটা নগৰৰ সদস্যাসকলে ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ অসম আমাৰ ৰূপহী গীতটি সমবেত ৰূপে পৰিবেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/whatsapp-imag-2025-12-23-21-32-07.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us