/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-16-13-34.jpg)
ডিজিটেল ডেস্কঃ আন এক নাও দুৰ্ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে । উত্তৰ-পশ্চিম কংগোত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনা। এই নাও দুৰ্ঘটনাত কমেও ২০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হয় । মাই-ণ্ডোম্বে হ্ৰদত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। যাত্ৰীৰে ভৰপূৰ নাওখন ৰাজধানী কিনছাছা অভিমুখে গৈ থকা সময়তে নাওখন বাগৰি পৰাত আতংকৰ সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/amg/www.arise.tv/uploads/2025/08/Boat-Capsizes-Off-Yemen-602027.jpg)
বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত কিৰি চহৰৰ পৰা কিনছাছালৈ গৈ থকা নাওখন ববেনি আৰু লোবেকে গাঁৱৰ মাজত উলটি পৰাত এই ঘটনাটো সংঘটিত হয়। ইপিনে কংগো চৰকাৰে আনুষ্ঠানিকভাৱে মৃতকৰ সংখ্যা প্ৰকাশ কৰা নাই ।
/asomiyapratidin/media/post_attachments/82b9c39e-c34.jpg)
উল্লেখ্য যে,চলিত মাহৰ আৰম্ভণিতে নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈছিল ৬৪জন লোক । ছেপ্টেম্বৰ মাহত উত্তৰ-পশ্চিম কংগোত সংঘটিত দুটা পৃথক নাও দুৰ্ঘটনাত কমেও ১৯৩ জন লোকৰ মৃত্যু হৈছিল।
/asomiyapratidin/media/post_attachments/7153170a-ca1.jpg)
মাৰ্চ মাহত দক্ষিণ-পশ্চিম কংগোত হোৱা নাও দুৰ্ঘটনাত ২৫ জন লোক মৃত্যু মুখত পৰিছিল। ইয়াৰে বহুতেই ফুটবল খেলুৱৈ আছিল বুলিও জানিব পৰা গৈছিল। মাই-নডম্বে প্ৰদেশৰ মুছি চহৰত এখন মেচৰ পৰা উভতি আহি থকা অৱস্থাত নাও দুৰ্ঘটনা খবৰ লাভ কৰা গৈছিল। এই ঘটনাৰ পৰা ৰক্ষা পৰে কমেও ৩০ জন লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us