ৰূপহীহাটত মাছ ধৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘাত...

উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
কাৰ্বি লাংপি খানদাং প্ৰকল্পই এৰিছে পানী : ৰাজ্যত অধিক অৱনতি বান পৰিস্থিতি…

ডিজিটেল সংবাদ,ৰূপহীহাটঃ নগাঁও জিলাৰ ৰূপহীহাট থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ কদমগুৰি গাঁৱত দেওবাৰে পুৱাৰ ভাগত পুখুৰীত মাছ ধৰাক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হয় । জানিব পৰা মতে পুখুৰীৰ মাটি আৰু পুখুৰীক লৈ আগৰে পৰা বাক- বিতণ্ডা আগৰে পৰা দুয়ো ফৈদৰ লগত লাগি আছিল ৷ তাৰ পৰিনতিত দেওবাৰে সেই ভূমিৰ পুখুৰীত মাছ ধৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সুত্ৰপাত হোৱা কাজিয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত ৰক্তাক্ত হৈ পৰে পৰিৱেশ ।

প্ৰথমে পুখুৰীত মাছ ধৰাক লৈ মাৰপিটৰ ঘটনা সংঘটিত হয় । দুই ফৈদৰ আক্ৰমণত ৬ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । জানিব পৰা মতে নুৰ হুছেইন আৰু জাকিৰ হুছেইনৰ দখলত থকা পুখুৰীত মাছ ধৰিবলৈ যোৱা মহম্মদ্দুল্লা, আবিদুৰ ৰহমান, আশ্ৰাফুল, ওমৰ ফাৰুক, ৰচিদুল ইছলাম আৰু আনটো ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হোৱাত আমেনা খাটুন, জুবেদা খাতুন সহ অন্য চাৰিজন লোক আঘাতপ্ৰাপ্ত হয় ।

এই ঘটনাৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে নুৰ হুছেইনৰ বাসগৃহত কোনোবাই অগ্নি সংযোগ কৰাত পৰিৱেশ আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে । পিছত আঘাতপ্ৰাপ্ত আটাইকেইজনক প্ৰথমে কাৱৈমাৰি এফ আৰ ইউ চিকিৎসালয়ত চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

Assam police