/asomiyapratidin/media/media_files/2026/02/25/fdysusdsdlskjdijstdw-2026-02-25-13-09-13.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক লৈ শাসকীয় অগপ-বিজেপি মিত্ৰজোটক মুকলিভাৱে প্ৰত্যাহ্বান জনাই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত ৰাইজৰ দলে গাঁৱে-ভূঞে সাংগঠনিক কামকাজ বিগত দিন ধৰি শক্তিশালী ৰূপত চলাই আহিছে। ইমানেই নহয় দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা অসমৰ বোলছবি জগতৰ বিশিষ্ট অভিনেতা অলক নাথক সন্মুখত লৈ সমষ্টিৰ নেতাকৰ্মীসকলে ২৬ ৰ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাতো ব্যস্ত হৈ পৰিছে।
এনে সময়তে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰিপুন বৰাৰ আকোৰ-গোঁজ আৰু সুবিধাবাদী মনোভাৱৰ বাবেই এতিয়া শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ আসনখনক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হৈছে। ইমানেই নহয় বৰছলা সমষ্টিত সুদীৰ্ঘ তিনিচাৰি বছৰ ধৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত মনোনিবেশ কৰি অহা ৰাইজৰ দলৰ স্থানীয় নেতাকৰ্মীসকলে কোনো কাৰণতে এইবাৰ আসন খন কংগ্ৰেছক এৰি নিদিয়াৰ হুংকাৰ দিছে।
উল্লেখ্য যে, বিজেপি চৰকাৰৰ একেলেথাৰিয়ে দহ বছৰীয়া শাসনকালত ব্ৰহ্মপুত্ৰ বান-গৰাখহনীয়া, জৰাজীৰ্ণ ৰাষ্টা-পদূলি আৰু খোৱাপানীকে আদি কৰি বিভিন্ন সমস্যা সমাধান কৰাৰ নামত বিধায়ক গণেশ কুমাৰ লিম্বুৱে ৰাইজক চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে। এইক্ষেত্ৰত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে দলৰ বৰছলাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াৰ সহযোগত বিজেপি চৰকাৰে ৰাইজক কৰি অহা চূড়ান্ত প্ৰতাৰণাৰ দিশবোৰ ইতিমধ্যেই একাধিকাৰ তথ্য সহকাৰে সম্পূৰ্ণৰূপে উদঙাই দিয়াত বিধায়ক লিম্বু শলঠেকত পৰি ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে।
ইফালে, বৰছলা সমষ্টিত ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা অলক নাথে বিজেপি চৰকাৰৰ কোটি কোটি টকাৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে মাত মাতি সক্ৰিয়ভাৱে কাম কৰি অহাৰ পিছতো হঠাতে ছেগ বুজি কংগ্ৰেছ নেতা ৰিপুন বৰাই চাৰি মাহমানৰ পৰা সমষ্টিটোত কিছু পৰিমানে দলৰ হৈ কামকাজ কৰিয়েই সমাগত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্বৰ দাবী তোলাত দুয়োটা দলৰ নেতাকৰ্মীৰ মাজত সংঘাত আহি পৰিছে।
অভিযোগ মতে, গহপুৰত বিজেপিৰ হাতত ধাৰাবাহিকভাৱে পৰাজিত হোৱা তথা দল বাগৰা কংগ্ৰেছ নেতা ৰিপুন বৰাই বৰছলাৰ আসনখন ৰাইজৰ দলক এৰি নিদি একমাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ কাৰণেই তেজপুৰ সদৰ আসনখন এৰি দিব বিচৰাত খোদ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকল ক্ষুদ্ধ হৈ পৰিছে।
ইফালে, তেজপুৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাকৰ্মীসকলেও কোনো কাৰণতে ৰাইজৰ দলক আসনখন এৰি নিদিয়াৰ হুংকাৰ দিয়াত আন এক জটিলতা আহি পৰিছে। উল্লেখ্য যে সমাগত বিধান সভা নিৰ্বাচনৰ বাবে প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা,জিলা কংগ্ৰেছৰ উপ-সভাপতি ডাঃ অনুজ মেচ,পৰমানন্দ কাকতি আৰু ধৃতিমান শইকীয়াকে ধৰি একাধিক নেতাই তেজপুৰত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্বৰ দাবী তুলিছে। আনহাতে ৰাইজৰ দলৰ নেতাকৰ্মী সকলেও বৰছলা এৰি কোনো কাৰণতে তেজপুৰ আসনখন গ্ৰহণ নকৰে বুলি কংগ্ৰেছ দলক স্পষ্টভাৱে জনাই দিছে।
ইয়াৰোপৰি ৰাইজৰ দলৰ নেতাকৰ্মী সকলে কয় আমাক বৰছলাৰ আসনখন লাগিবই আৰু এইবাৰ আসনখন এৰি দিয়াৰ প্ৰশ্নই নুঠে,কংগ্ৰেছ নেতা ৰিপুন বৰাই তেজপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰক আমাৰ কবলগীয়া একো নাই আৰু বৰছলা আসনখন এৰি নিদিলে আমিও এৰি নিদো। ইফালে কংগ্ৰেছ দলৰ পৰা বৰছলা সমষ্টিত প্ৰাৰ্থীত্বৰ দাবী তোলা প্ৰাৰ্থীত্ব প্ৰত্যাশী দলীয় নেতা সকলে যিকোনো পৰ্যায়ত স্থানীয় নেতাকে প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ শীৰ্ষ নেতৃত্বলৈ দাবী জনাইছে। এইক্ষেত্ৰত সমষ্টিৰ বাহিৰৰ নেতাক কোনো কাৰণে মানি লোৱা নহব বুলিও কংগ্ৰেছ নেতাকৰ্মীসকলে সকিয়াই দিছে।
আশ্বৰ্যজনক বিষয় এয়ে যে, যি সময়ত বিজেপিয়ে অসম বিধানসভাৰ নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰ কৰি ঢেকিয়াজুলি সমষ্টিৰ পৰা ২৮ ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যজুৰি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰাৰ বাবে পৰিকল্পনা লৈ আগবাঢ়িছে তেনে সময়তে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বৰছলা সমষ্টিৰ আসনখনক লৈ আৰম্ভ হোৱা তীব্ৰ মতান্তৰে দুয়োটা দলৰ নেতাকৰ্মীসকলক হতাশ কৰি তুলিছে।
ইফালে, কংগ্ৰেছ নেতা ৰিপুন বৰাই নিজ ইচ্ছাত তেজপুৰ আসনখন ৰাইজৰ দলক এৰি দিব বিচৰাক কেন্দ্ৰ কৰি দলৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ মতে বৰছলা সমষ্টিৰ আসনখন কংগ্ৰেছ দলক এৰি দিয়াৰ বাবে ৰাইজৰ দলৰ নেতাক কংগ্ৰেছে হেঁচা দিছে আৰু ইয়াকে লৈ সকলো ক্ষুদ্ধ হৈ পৰিছে।
এই সন্দৰ্ভত তেজপুৰৰ বহু কংগ্ৰেছ নেতাকৰ্মীয়ে অভিযোগ কৰি কয়, মিত্ৰতাৰ নামত যদি এনেদৰে দলটোৰ এক শক্তিশালী সাংগঠনিক স্থিতি থকাৰ পিছতো বিশেষ কোনো ভেটি নথকা ৰাইজৰ দলক আসন খন এৰি দিয়ে তেনেহলে শাসকদলক তেজপুৰ আসনখন বিনা প্ৰতিদ্বন্দিতাৰে এৰি দিয়া হব আৰু এনে হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহব। এইক্ষেত্ৰত কংগ্ৰেছ আৰু ৰাইজৰ দলে বৰছলাৰ আসনখনক লৈ কেনে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়েহে কব।
উল্লেখ্য যে, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ইতিমধ্যেই বৰছলাত একাধিকবাৰ দলীয় সভাত অংশগ্ৰহণ কৰি সমষ্টিৰ ৰাইজৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন সমস্যাকে ধৰি বিহগুৰিৰ জাৰণি তিনিখৰীয়াত বহু বছৰৰ পৰা চলি অহা ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াৰ বুজ লৈ বিজেপি চৰকাৰৰ চোকা সমালোচনা কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। একমাত্ৰ সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ পিছত সলনি হোৱা জনগাঁথনিয়ে সম্প্ৰতি বিজেপিৰ প্ৰতি বৰছলাত প্ৰৱল প্ৰত্যাহ্বান নমাই আনিছে যদিও ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আসনক লৈ আৰম্ভ হোৱা সংঘাত অতিশীঘ্ৰে বন্ধ নহলে তৃতীয়বাৰৰ কাৰণে বিৰোধীয়ে আসনখন হেৰুওৱাটো নিশ্চিত হৈ পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us