আয়কৰ বিভাগৰ অভিযানঃ কনফিডেন্ট গ্ৰুপৰ প্ৰতিষ্ঠাপকৰ আত্মহনন

কনফিডেন্ট গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু ছেয়াৰমেন চি জে ৰয়ে শুকুৰবাৰে নিজকে গুলীয়াই আত্মহননৰ পথ বাচি লয়। বাংগালুৰস্থিত নিজা কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
cnfndndndndnd

ডিজিটেল ডেস্কঃ কনফিডেন্ট গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু ছেয়াৰমেন চি জে ৰয়ে শুকুৰবাৰে নিজকে গুলীয়াই আত্মহননৰ পথ বাচি লয়। বাংগালুৰস্থিত নিজা কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা। আয়কৰ বিভাগে কেৰালাস্থিত কোম্পানীটোৰ কাৰ্যালয়ত অভিযান চলোৱাৰ পাছতে আত্মহননৰ পথ বাচি লয় ৰয়ে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, চি জে ৰয়ৰ বাসগৃহৰ ভিতৰত প্ৰথমে গুলীচালনাৰ শব্দ শুনাৰ পাছতে ঘৰৰ কাম কৰা লোকসকলে তেওঁৰ কোঠাত প্ৰৱেশ কৰে আৰু তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

ইয়াৰপাছতে ঘৰত কাম কৰা কৰ্মচাৰীসকলে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পোৱাৰ পাছতে উপস্থিত হয় ঘটনাস্থলীত। আৰক্ষীয়ে জনোৱা মতে, ৰয়ে নিজৰ অনুজ্ঞাপত্ৰ তথা বন্দুকৰে নিজক গুলীয়াই আত্মহননৰ পথ বাচি লয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। 

উল্লেখ্য যে, বাংগালুৰু চহৰৰ আৰক্ষীয়ে কয় যে- তেওঁক তৎক্ষণিকভাৱে স্থানীয় হাস্পতাললৈ নিয়া হয় যদিও চিকিসকে তেওঁক মৃত ঘোষণা কৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, আৰক্ষীয়ে জনাই যে- বিগত দুই-তিনি দিন ধৰি আয়কৰ বিভাগে অব্যাহত ৰাখিছিল অভিযান।

আয়কৰ বিভাগ