বটদ্ৰৱাৰ শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত এলানি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। 

author-image
Asomiya Pratidin
New Update
vsdgwedsS

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত এলানি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। 

ভাৰতীয় দাৰ্শনিক অনুসন্ধান পৰিষদ (Indian Council of Philosophical Research) আইচিপিআৰৰ অৰ্থ সাহাৰ্য্যৰে অনুষ্ঠিত হবলগীয়া এই আলোচনাচক্ৰ খনিত "ভাৰতীয় আৰু পশ্চিমীয়া দার্শনিক দৃষ্টিভংগী" বিষয়ৰ বিভিন্ন গৱেষণা পত্ৰ অসমীয়া, ইংৰাজী, আৰু হিন্দী ভাষাত উপস্থাপন কৰা হব। বটদ্ৰৱা থান প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এই তিনিদিনীয়া আলোচনাচক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত, শিক্ষাবিদ, শিক্ষক, ছাত্র-ছাত্রী আৰু বুদ্ধিজীৱীৰ মৌলিক গৱেষণা পত্র আলোচিত হ'ব।

WhatsApp Image 2026-01-12 at 8.43.17 AM

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ঐতিহ্যমণ্ডিত বটদ্ৰৱাত অনুষ্ঠিত হবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰখনিত শিক্ষানুৰাগী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাই।

বটদ্ৰৱা বটদ্ৰৱা থান