/asomiyapratidin/media/media_files/2025/11/03/112-2025-11-03-17-11-43.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজ্য বাগৰি দেশে - বিদেশে বাঁহীৰে মানুহৰ হৃদয় জিনা আন্তৰ্জাতিক বাঁহীবাদক দীপক শৰ্মাই সোমবাৰে চেন্নাইত মায়াময় সংসাৰ ত্যাগ কৰে। বৃন্দাবনত মহাপ্ৰভু শ্ৰীকৃষ্ণই গোপীসকলক বাঁহীৰ মধুৰ লহৰেৰে ভুলোৱাৰ দৰে দীপক শৰ্মাইও তেওঁৰ যাদুকৰি বাদনেৰে মানুহৰ মন জয় কৰিছিল।
এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "অসমক বিশ্বৰ বুকুত তুলি ধৰিছিল দীপক শৰ্মাই। সাৱলীল আৰু মধুৰৰো মধুৰ প্ৰকাশ ভংগীৰে দীপক শৰ্মাই অসমক বহু ওপৰলৈ লৈ গৈছিল।" প্ৰসিদ্ধ বাঁহী বাদক দীপক শৰ্মাৰ বিয়োগত এক শোক বাৰ্তাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্তই কয়- "বাঁহী বাদক দীপক শৰ্মাৰ অসমবাসীয়ে আৰু বহু আশা কৰিছিল।
অকালতে এজন সুদক্ষ আৰু মহান শিল্পী খনিকৰক হেৰুৱালোঁ। তেওঁৰ নিভাঁজ শৈলীয়ে সকলোকে মোহান্বিত কৰিছিল।"
শিল্পী দীপক শৰ্মাৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন -দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি তাৰিণী কান্ত গোস্বামী, সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, সাংস্কৃতিক - সামাজিক অনুষ্ঠান "জ্যোতিৰূপা"ৰ সাধাৰণ সম্পাদক ড০ নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, সুৰ মঞ্জুৰী সংগীত কুঞ্জ, অসমৰ সভাপতি পদ্মনাথ শৰ্মা, উপ- সভাপতি মহেশ চন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তামুলী, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম ৰাজ্যিক সমিতিৰ যুটীয়া সচিব জ্যোতিষ বৰ্মণ, সংগ্ৰামী কৃষক - শ্ৰমিক সংঘ, অসমৰ সাধাৰণ সম্পাদক দীনেশ দাস, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড০ এম গোপাল সিংহ, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক কল্পনা দেৱী, চিন্তাবিদ বাসুদেৱ মালী, ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ বিশাল ব্যক্তিত্ব, প্ৰতিভাক স্মৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us