১৮ দিনত ১০ কোটিৰো অধিক টকাৰ সামগ্ৰী বিক্ৰী : ৯ জানুৱাৰীৰ পৰা মঙলদৈত বাণিজ্য মেলা

মন্ত্রী অতুল বৰাই উদ্বোধন কৰা এই বাণিজ্য মেলাত অসমৰ বিভিন্ন জিলাৰ লগতে পঞ্জাৱ, হাৰিয়ানা, জম্মু-কাশ্মীৰ, দিল্লী, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, কর্ণাটক, মহাৰাষ্ট্ৰ, কলকাতা, কেৰালা, মুম্বাই আদি ৰাজ্যৰ ডেৰ শতাধিক বিপনীৰ লগতে আফগানিস্তান, থাইলেণ্ড, ডুবাই আদি ৰাষ্ট্ৰৰ বিপণীয়েও অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
583

ডিজিটেল সংবাদ, গুৱাহাটী : অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত মণিৰাম দেৱান ট্রেড চেণ্টাৰত ১৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুর্থ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলাৰ সোমবাৰে নিশা সফল সামৰণি পৰে। যোৱা ২১ ডিচেম্বৰত অসম চৰকাৰৰ কেবিনেট মন্ত্রী অতুল বৰাই উদ্বোধন কৰা এই বাণিজ্য মেলাত অসমৰ বিভিন্ন জিলাৰ লগতে পঞ্জাৱ, হাৰিয়ানা, জম্মু-কাশ্মীৰ, দিল্লী, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, কর্ণাটক, মহাৰাষ্ট্ৰ, কলকাতা, কেৰালা, মুম্বাই আদি ৰাজ্যৰ ডেৰ শতাধিক বিপনীৰ লগতে আফগানিস্তান, থাইলেণ্ড, ডুবাই আদি ৰাষ্ট্ৰৰ বিপণীয়েও অংশগ্ৰহণ কৰে।

বাণিজ্য মেলাত জন্ম শতবার্ষিকী উপলক্ষে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধা জনাই বিশেষ সাংস্কৃতিক কার্যসূচীত লগতে প্রতিদিনে সন্ধিয়া জনপ্রিয় শিল্পীৰ আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হৈছিল। উল্লেখ্য যে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, উপাধ্যক্ষ মধুৰাম ডেকাৰ নেতৃত্বত বিগত ২০২২ চনৰ পৰাই সংস্থাই ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে বাণিজ্য মেলা অনুষ্ঠিত কৰি ৰাজ্যৰ থলুৱা উদ্যোগীসকলক উৎসাহ যোগাই আহিছে।

WhatsApp Image 2026-01-06 at 8.34.09 PM

এইবাৰৰ চতুৰ্থ শীতকালীন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কটন বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান মেধাবী শিক্ষার্থীয়ে দিয়া স্টলেও গ্ৰাহকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। গৰম চাহ, চিঙৰা, পকৰিকে ধৰি বিভিন্ন খাদ্য সম্ভাৰ উপলব্ধ কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ষ্টল 'আউৰা সাজ'-এ গ্রাহকক আকৰ্ষিত কৰে। কটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র ত্রিনয়ন বৰুৱা, হৃষীকেশ মেধিৰ লগতে কটনৰ পৰাই স্নাতকোত্তৰ ডিগ্রীধাৰী নেইনা বৰা আৰু অভিনৱ বৰাই পঢ়া-শুনাৰ লগতে অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰে বাণিজ্য মেলাত খাদ্য-সামগ্ৰীৰ বিপণী দি নিবনুৱা যুৱক-যুৱতীসকললৈ নিশ্চিতভাৱে এক 'মেছেজ' দিয়ে।

WhatsApp Image 2026-01-06 at 8.34.08 PM

মণিৰাম দেৱান ট্রেড চেণ্টাৰত অনুষ্ঠিত এইবাৰৰ বাণিজ্য মেলাত প্রায় ১০ কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰী বিভিন্ন প্রতিষ্ঠানে বিক্ৰী কৰা বুলি অসম বাণিজ্য উন্নয়ন সংস্থাই জানিবলৈ দিছে। এই বাণিজ্য মেলাত এক লাখৰো অধিক লোকৰ সমাগম ঘটে। গুৱাহাটীৰ বাণিজ্য মেলাত বৃহৎ সফলতা লাভৰ পিছত অহা ৯ জানুৱাৰীৰ পৰা মঙলদৈৰ গান্ধী ময়দানত অনুষ্ঠিত হ'ব এটিপিঅ'ৰ বাণিজ্য মেলা। এই বাণিজ্য মেলাতো ৰাইজৰ অংশগ্রহণ কামনা কৰিছে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা আৰু উপাধ্যক্ষ মধুৰাম ডেকাই।

বাণিজ্য মেলা