নগাঁৱত ভাৰতীয় মনোৰোগ সংঘৰ অধীনত অসম ৰাজ্যিক শাখাৰ অধিবেশনৰ সামৰণি

ভাৰতীয় মনোবিজ্ঞান সংঘৰ অধীনত অসম ৰাজ্যিক শাখাই তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৫ সংখ্যক বাৰ্ষিক অধিবেশন সফলতাৰে অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
99

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ কিছু নিলগৰ বৰঘাট বাইপাছ চকৰ লগতে থকা ৰিফেছক্ৰ হোটেলত অলপতে ভাৰতীয় মনোবিজ্ঞান সংঘৰ অধীনত অসম ৰাজ্যিক শাখাই তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৫ সংখ্যক বাৰ্ষিক অধিবেশন সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটিৰ অয়োজক অধ্যক্ষৰ দায়িত্বত থকা তথা স্নায়ু আৰু মানসিক ৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে জানিবলৈ দিয়া মতে-  অসমৰ লগতে উত্তৰ - পূৰ্বাঞ্চলৰ বহু সংখ্যক মানসিক ৰোগৰ চিকিৎসক সকল উপস্থিত থাকি অনাগত দিন সমূহত মানসিক ৰোগৰ চিকিৎসা সমূহ কেনেকৈ আৰু অধিক উন্নতকৰন কৰিব পৰা যায়, কেনেকৈ মানসিক ৰোগ নিৰাময় কৰিবৰ বাবে নতুন ঔষধ ৰোগী সকলক সেৱন কৰিবলৈ পৰামৰ্শ দিব পৰা যায় তাৰ ওপৰত আলোচনা কৰা হয় ৷

অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়  ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়,কলিকতা আৰু দিল্লী গংগাৰাম হস্পিতালৰ পৰা অহা  চিকিৎসক সকলে মানসিক আৰু মনোবিজ্ঞানৰ ওপৰত বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়  ৷অনুষ্ঠানৰ শেষৰ দিনাখন দিনৰ ১ বজাৰ পৰা বৰ্তমান সময়ত  শিশু সকলৰ ওপৰত সঘনাই চলি অহা মানসিক ,শাৰীৰিক আৰু যৌন নিৰ্যাতন ৰোধ কৰাক লৈ আৰু পকছো্ (POSCO) আইনৰ ওপৰতো বহুখিনি গুৰুত্বপূৰ্ণ আলাপ - আলোচনা কৰা হয় ৷

সভাতেই অসমৰ শিশু সুৰক্ষা আৰু অধিকাৰী বিভাগৰ অৱসপ্ৰাপ্ত সদস্য ডাঃ পিলু হাজৰিকা উপস্থিত থাকি আগবঢ়োৱা সাৰুৱা ভাষনত  চিকিৎসক ,সমাজকৰ্মী আৰু স্কুল - কলেজৰ ছাত্ৰছাত্ৰী সকলৰ বহু উপকৃত হব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ৷ উল্লেখ যে সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দ্বীপেশ ভাগৱতী,যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃকমলা ডেকা ,অসম আৰক্ষী বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা,নগাঁৱৰ জেষ্ঠ অধিবক্তা আবুল হাছেম খণ্ডকাৰৰ লগতে নগাঁৱৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷

অধিবেশন