/asomiyapratidin/media/media_files/2025/11/07/156-2025-11-07-15-46-28.jpg)
ডিজিটেল সংবাদ, নলবাৰী : অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ টিহুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিবেকানন্দ বিদ্যা নিকেতনত বাৰ্ষিক বিজ্ঞান সমাৰোহ আৰু বিজ্ঞান ভিত্তিক আৰ্হি, আকস্মিক বক্তৃতা, প’ষ্টাৰ অংকন আৰু ধাৰণা প্ৰতিযোগিতা সম্পন্ন হয়। টিহু খণ্ড উন্নয়ন ভিত্তিত আয়োজিত এই অনুষ্ঠান পুৱা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে টিহু খণ্ড আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক অণিমা কলিতা ডেকাই।
ইয়াৰ পাচত গছপুলি ৰোপণ আৰু প্ৰতিযোগিতাবোৰ সম্পন্ন হয়। টিহু শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়সমূহৰ ষষ্ঠ শ্ৰেণীৰপৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত হোৱা এই প্ৰতিযোগিতাবোৰ পৰিচালনা কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ কমলা ডেকা আৰু টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অতনু নাথে।
আবেলি বিবেকানন্দ বিদ্যা নিকেতনৰ উপদেষ্টা প্ৰমোদ ডেকাৰ পৌৰোহিত্যত হোৱা বঁটা বিতৰণ অনুষ্ঠানত নলবাৰী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক তথা বিজ্ঞানকৰ্মী প্ৰদীপ মহন্ত, অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক সন্মান প্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা, নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপ কুমাৰ শৰ্মা, টিহু মহকুমা সাংবাদিক সন্থাৰ সম্পাদক ভাস্কৰজ্যেতি কলিতা আৰু টিহু খণ্ড আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক অণিমা কলিতা ডেকাই ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে।
শিক্ষক তথা বিজ্ঞানকৰ্মী হিতেশ ডেকাই অনুষ্ঠান পৰিচালনাৰ আঁত ধৰে। কাৰ্যসূচীৰ মাজতে আকস্মিক বক্তৃতাত প্ৰথম টিহুৰ আৰ্যভট্ট একাডেমিৰ শান্তনু কলিতা, দ্বিতীয় টিহু হাইস্কুলৰ দেৱৰ্ষি লহকৰ, তৃতীয় টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ হেমৰাজ মেধি; বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত প্ৰথম টিহু ছোৱালী হাইস্কুলৰ দীক্ষাশ্ৰী তালুকদাৰ আৰু জেচিকা ভঁৰালী, দ্বিতীয় টিহু জাতীয় বিদ্যালয়ৰ অনুৰাগ প্ৰবীৰ ডেকা আৰু মাধুৰ্য ডেকা, তৃতীয় হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বপ্নিল কাশ্যপ আৰু মৃন্ময় বৰ্মন আকৌ উদ্গনি বঁটা টিহু আৰ্যভট্ট একাডেমিৰ জুমন বৰ্মন আৰু শান্তনু কলিতা; চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম টিহুৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ ধৃতিস্মিতা বেজবৰুৱা, দ্বিতীয় টিহু ছোৱালী হাইস্কুলৰ হৰ্ষিতা ৰাজবংশী আৰু তৃতীয় স্থানপ্ৰাপক টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ কুনাল কিশোৰ তালুকদাৰক বঁটা প্ৰদান কৰা হয়। বিশ্বশিল্পী জুবিন গাৰ্গৰ ‘মায়াবিনী’ শীৰ্ষক বিশ্ব প্ৰসিদ্ধ বৃন্দগীতটোৰে অনুষ্ঠান সামৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us