/asomiyapratidin/media/media_files/2025/09/14/session-7-2025-09-14-19-59-34.jpg)
ডিজিটেল ডেস্কঃ দ্য অশোকত অনুষ্ঠিত হোৱা দ্য কনক্লেভ ২০২৫ সপ্তম তথা অন্তিম আলোচনা চক্ৰত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। ঋষি বৰুৱাই আঁত ধৰা এই বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰে।
আলোচনাৰ আৰম্ভণিতে ঋষি বৰুৱাই প্ৰশ্ন কৰে যে, ইমান সুপৰিকল্পিতভাৱে গঠন কৰা এটা দল আৰু ইমানবোৰ গুণী-জ্ঞানী মানুহ থকাৰ পাছতো দিল্লী কেনেকৈ আপোনালোকৰ হাতৰ পৰা ওলাই যাবলৈ পালে? এই প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, আম আদমী পাৰ্টি আন্দোলনৰ পৰা জন্ম লোৱা এটা দল। ২০১২-১৩ চনত আমি দলটোক আগবঢ়াই লৈ যাওঁতে মানুহে আমাক হাঁহিছিল।অৰবিন্দ কেজৰিৱালে অবিৰাম পৰিশ্ৰম কৰিছিল। আমি যিমান পাৰো ৰাইজৰ সেৱা কৰিবলৈ যত্ন কৰিছিলো।
তেও লগতে কয়, আমি তিনি বাৰ জিকাৰ পিছত বিজেপিয়ে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল। আমাক সুৰাৰ নীতিৰ পৰা আৰম্ভ কৰি পানী যোগানলৈকে বিভিন্ন অভিযোগেৰে দুর্বল কৰিবলৈ অভিযান চলাইছিল। AAP-ৰ শাসনৰ পদ্ধতিৰ সন্দৰ্ভত তেওঁ কয়, “আমিয়ে ভাৰতৰ প্ৰথম দল যিয়ে বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিনামূলীয়া শিক্ষা আৰু চিকিৎসা সেৱা আগবঢ়াইছিলো। আমি দিল্লীত মান সম্পন্ন চৰকাৰী বিদ্যালয় গঢ়ি তুলিছিলো যাৰবাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্নীয়েও এই বিদ্যালয় চাবলৈ বিশেষ আগ্ৰহ দেখুৱাইছিল। আজি দিল্লীত বিশ্বমানৰ চৰকাৰী বিদ্যালয় আছে।”
সাংসদ শৰ্মাই লগতে কয়, আমিয়েই মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ কৰিছিলোঁ আৰু ১০ বছৰৰ দিল্লীত বাবে লাভজনক বাজেট দাখিল কৰিছিলো। তথাপিও ২০২৫ চনত আমাৰ বহু নেতা কাৰাবন্দী হ’ল। যাৰ বাবে আমাৰ দলীয় কাৰ্যত কিছু প্ৰভাৱ পৰিছিল। বিজেপিয়ে সদায়েই আমাক দুৰ্বল কৰিবলৈ ন ন ষড়যন্ত্ৰ কৰি আহিছে।
সুৰা কেলেংকাৰীক লৈ বিজেপিয়ে আপৰ সৈতে লেতেৰা ৰাজনীতি কৰিলে বুলিও কয় আপৰ নেতাগৰাকীয়ে। বিজেপিয়ে ইডি, চি বি আইক অপপ্ৰয়োগ কৰিলে। তাৰ জলন্ত সাক্ষী মই। মই এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্য়ক্তিক ইডিয়ে কোনো নটিচ নিদিলে, না কোনো সোধা-পোচা কৰিলে। ঘৰলৈ আহিল ১৪ঘন্টা তালাচী চলাই কলে যে বলক জেললৈ যাব লাগে। দেশৰ আইন এনেকুৱা নেকি?
ক্ষমতাৰ এই অপব্যৱহাৰ আমি কাক কম? কোনে ব্যৱস্থা ল'ব? চৰকাৰৰ বিৰুদ্ধে কোৱাৰ বাবেই মোৰ ডিঙিত ধৰি জেললৈ প্ৰেৰণ কৰিলে। এনেকুৱা কৰিলে যদি চৰকাৰ তথা বিজেপিয়ে ভাৱিছে মই মনে মনে বহি থাকিম, তেন্তে ভুল ভাৱিছে। বৰঞ্চ মই পূৰ্বতকৈ ১০গুণ অধিক শক্তিৰে চৰকাৰৰ বেয়াটোক সমালোচনা কৰিম। এয়া চৰকাৰৰ প্ৰতি মোৰ মুকলি প্ৰত্যাহ্বান।
সাংসদগৰাকীয়ে অতি ক্ষোভেৰে কয় যে, মোৰ বিৰুদ্ধে দুৰ্নীতিৰ যি অভিযোগ উত্থাপন কৰিছিল, সেয়া প্ৰমাণ কৰক চৰকাৰে। আপোনালোকৰ ওচৰত ইমান শক্তিশালী এজেঞ্চী আছে, আজিলৈকে কিয় পৰা নাই মোৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ প্ৰমাণ কৰিবলৈ। সেই কাৰনে মই আৰু মোৰ দলে সদায়ে কৈ আহিছো বিজেপিয়ে মন গলেই মনলৈ যি আহে সেই অভিযোগ উত্থাপন কৰি তেওলোকৰ বিৰুদ্ধে মাত মতা মানুহবোৰক লৈ ষড়যন্ত্ৰ কৰে।
দিল্লীৰ সুৰা কেলেংকাৰীক লৈ আপ আৰু আপৰ নেতাসকলক লৈ বিজেপিয়ে ক্ষমতাৰ যি অপব্যৱহাৰ কৰিলে, সেয়া সমগ্ৰ দেশে দেখিলে। কাকোৱেই দোষী সাব্যস্ত কৰিব নোৱাৰিলে বিজেপি চৰকাৰ তথা তেওলোকৰ তদন্তকাৰী এজেঞ্চীসমূহে। আলোচনাৰ শেষৰ ফালে ঋষি বৰুৱাই প্ৰশ্ন কৰে যে, তিহাৰ জেলত থাকোতে আপুনি অৰবিন্দ কেজৰিৱালক লগ পাইছিলনে?
এই প্ৰশ্নৰ উত্তৰ দি সঞ্জয় সিঙে কয় যে, যেতিয়া অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া তিহাৰ জেলৰ পৰা অন্য এটা জেললৈ প্ৰেৰণ কৰা হৈছিল মোক। মই থকা ৰূমটোতে থাকিবলৈ দিয়া হৈছিল অৰবিন্দ কেজৰিৱালক। কাৰাগাৰত থকা সময়ত নেলচন মেণ্ডেলা, মহাত্মা গান্ধীৰ জীৱনীৰ লগতে অন্যান্য কিছু গ্ৰন্থ অধ্যয়ন কৰাৰ কথা সদৰি কৰে।