/asomiyapratidin/media/media_files/2026/03/07/ap-web-kaliyabar-2026-03-07-20-47-08.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সদস্য,সমাজকৰ্মী তথা নগাঁও জিলাৰ কলিয়াবৰ শিলঘাট মাউট গাঁও নিবাসী কমৰেড দিতুমণি গগৈয়ে শনিবাৰে গুৱাহাটীৰ ভঙাগড়ৰ ৰাজ্যিক কেঞ্চাৰ হাস্পতালত মাত্ৰ ৪৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দলৰ নিষ্ঠাৱান কৰ্মী, সাহসী, সৰবৰহী কমৰেড দিতুমণি গগৈ আছিল কলিয়াবৰ অঞ্চলৰ জনপ্ৰিয় ব্যক্তি, এক প্ৰতিবাদী কণ্ঠ।
এক প্ৰেছ বিবৃতিত চিপিআই(এমএল)ৰ ৰাজ্যিক সমিতিয়ে প্ৰকাশ কৰে যে- অঞ্চলটোৰ চাহ শ্ৰমিকৰ সমস্যাৰ পৰা শিলঘাট মৰাপাট কল বন্ধ হোৱাৰ সমস্যালৈকে জনগণৰ প্ৰতিটো সমস্যাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। কমৰেড দিতুমণি গগৈয়ে ১৯৯৮ চনত চি পি আই এম এল দলৰ ছাত্ৰ সংগঠন আইচাৰ জৰিয়তে যোগদান কৰে আৰু ১৯৯৯ চনৰ পৰাই পাৰ্টীৰ সৰ্বক্ষণৰ কৰ্মী হিচাপে কাম কৰি আহিছিল।
দিতুমণি গগৈয়ে ২০১১ চনত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা চি পি আই (এম-এল)দলত প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কমৰেড দিতুমণি গগৈ পাৰ্টিৰ এগৰাকী দায়িত্বশীল কৰ্মীৰ লগতে বহুতো প্ৰতিভাৰ অধিকাৰী আছিল । তেওঁ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত বিদ্যালয়ৰ সপ্তাহৰ একাংকিকা নাট প্ৰতিযোগিতাত এদিনৰ ভিতৰতে একাংকিকা নাট লিখি মঞ্চস্থ কৰি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। কমৰেড দিতুমণিৰ বিয়োগত পাৰ্টিয়ে এজন নিষ্ঠাবান কৰ্মীক হেৰুৱালে।
কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আগলৈকে পাৰ্টিৰ প্ৰতিটো কামতে আগভাগ লৈ আহিছিল কমৰেড দিতুমণি গগৈয়ে। চহা জনগনৰ পক্ষত থাকি সদায় দুৰ্নীতি,অনিয়মৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা দিতুমনি গগৈৰৰ মৃত্যু পাৰ্টিৰ লগতে শ্ৰমজীৱী ৰাইজৰ অপূৰণীয় ক্ষতি। দলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পাৰ্টিৰ পতাকাৰে কলিয়াবৰৰ শিলঘাটত শেষ শ্ৰদ্ধা নিবেদন কৰে ৷
তদুপৰি শিলঘাট অশোকাষ্টমী মেলা সমিতি,ৰাস উদযাপন সমিতিকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত দিতুমনি গগৈৰ অকাল বিয়োগত চি পি আই (এম এল)ৰ ৰাজ্যিক সম্পাদক বিৱেক দাস,দলৰ গুৱাহাটী সমিতিৰ সম্পাদক ঘনশ্যাম মুণ্ডা,জিতেন তাঁতী,দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া,মৃনালী দেৱী,শিলঘাট অশোকাষ্টমী মেলা সমিতি প্ৰমুখ্য বিভিন্ন ব্যক্তি,অনুষ্ঠানে দিতুমনি গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us