/asomiyapratidin/media/media_files/2026/01/23/688-2026-01-23-23-20-09.jpg)
ডিজিটেল সংবাদ, ডবকা : পুনৰ এবাৰ মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে এ আই ইউ ডি এফৰ মুৰব্বী তথা বিশিষ্ট সমাজসেৱক মৌলানা বদৰুদ্দিন আজমলে। হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত ২নং কপিলীপাৰৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ পাঁচমহীয়া শিশু আতিক আবৰাৰৰ জটিল চিকিৎসাৰ বাবে দুই লাখ টকা আগবঢ়োৱাৰ লগতে শিশুটিৰ চিকিৎসাৰ সময়ত বন্ধকত দিয়া ঘৰৰ ভেটি-মাটিখিনিও মোকলাই দি পৰিয়ালটিক বৃহৎ সকাহ দিয়ে আজমল পৰিয়ালে।
জন্মৰ পিছৰে পৰা এক জটিল ৰোগত ভুগি থকা শিশুটিৰ পেটৰ এটা নাড়ী আন এটা নাড়ীৰ ভিতৰত সোমাই যোৱাৰ ফলত নাড়ীডাল পচি গৈছিল। তীব্ৰ যন্ত্ৰণাত শিশুটি ক্ৰমান্বয়ে অজ্ঞান হৈ পৰিছিল। অতি দৰিদ্ৰ পৰিয়ালৰ শিশুটিৰ পিতৃ জমিৰ উদ্দিনে চিকিৎসাৰ বাবে নিজৰ ঘৰৰ ভেটি-মাটিখিনি ৫০ হাজাৰ টকাৰ বিনিময়ত বন্ধকত দিবলৈ বাধ্য হৈছিল।
তথাপিও পৰ্যাপ্ত আৰ্থিক সামৰ্থ্য নথকাৰ বাবে চিকিৎসা অব্যাহত ৰাখিব নোৱাৰি শিশুটিক ঘৰলৈ লৈ আহে পৰিয়ালটোৱে।
এই সময়তে শিশুটিৰ মাতৃয়ে কান্দি কান্দি সহায় বিচাৰি প্ৰেৰণ কৰা এটা অডিঅ বাৰ্তা ৱাটচআপত ভাইৰেল হয়।
উক্ত অডিঅ শুনি গভীৰভাৱে আবেগিক হৈ পৰে আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী মৌলানা আমিৰুদ্দিন আজমল | মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে তৎক্ষণাৎ শিশুটিৰ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ দায়িত্ব দিয়া হয় হাম হস্পিটেলৰ ডিৰেক্টৰ ডা° ছাইদুল ইছলামক। ডা০ ছাইদুল ইছলামৰ নেতৃত্বত দুবাৰকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় আৰু অৱশেষত শিশুটি সুস্থ হৈ উঠে। শিশুটি সুস্থ হোৱাৰ পাছতেই মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে বন্ধকত দিয়া ভেটি-মাটিৰ ধনো পৰিয়ালটিক ঘূৰাই দিয়ে।
বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শিশুটি সুস্থ হোৱাৰ পাছত আবেগিক হৈ পৰি পিতৃ-মাতৃয়ে কান্দি কান্দি আজমল পৰিয়ালক আশীৰ্বাদ দি কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে একাংশই আজমল পৰিয়ালৰ দান-সহায় ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি সমালোচনা কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত উল্লেখযোগ্য যে শিশুটি মৌলানা বদৰুদ্দিন আজমলৰ কোনো সমষ্টিৰ বাসিন্দা নহয়, নতুবা উক্ত অঞ্চলৰ সৈতে তেওঁৰ কোনো ৰাজনৈতিক সম্পৰ্কও নাই।
কেৱল মানৱতা আৰু সহায় কৰাৰ মানসিক তৃপ্তিৰ বাবেই আজমল পৰিয়ালে এই সহায় আগবঢ়োৱা বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। মানৱ সেৱাৰ ক্ষেত্ৰত আজমল পৰিয়ালৰ এনে বহু নিঃস্বাৰ্থ উদাহৰণ ইতিমধ্যে সমাজত প্ৰশংসিত হৈ আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us