/asomiyapratidin/media/media_files/2025/06/25/emergency-25-2025-06-25-11-15-35.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ ইতিহাসত ক’লা অধ্যায় হিচাপে খোদিত হোৱা জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল। ৫০ বছৰ পূৰ্বে আজিৰ দিনটোতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যকালত দেশত জাপি দিয়া হৈছিল জৰুৰীকালীন অৱস্থা।
সেই সময়ত দেশত জাপি দিয়া সেই জৰুৰীকালীন অৱস্থাৰ ধুমুহাজাকৰ সৈতে যুঁজিবলগীয়া হৈছিল প্ৰায় প্ৰতিজন নাগৰিকেই। জৰুৰাকালীন অৱস্থাৰ মাজেৰে পাৰ হৈ অহা প্ৰতিজন মানুহৰ বাবে আজিও সেই সময়খিনি এক দুঃস্বপ্নৰ দৰে।
‘The Emergency Diaries’ chronicles my journey during the Emergency years. It brought back many memories from that time.
— Narendra Modi (@narendramodi) June 25, 2025
I call upon all those who remember those dark days of the Emergency or those whose families suffered during that time to share their experiences on social…
জৰুৰীকালীন অৱস্থাই ৫০ বছৰ অতিক্ৰম কৰাৰ এই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত এটা পোষ্টৰ জৰিয়তে সেই ক’লা অধ্যায়ক পুনৰ এবাৰ সোঁৱৰিলে। তেওঁ এক্সত লিখিছে, ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায়, জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ আজি ৫০ বছৰ সম্পৰ্ণ হ’ল। ভাৰতৰ জনসাধাৰণে এই দিনটোত সংবিধান হত্যা দিৱস হিচাপে পালন কৰে।
আজিৰ দিনটোত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক একাষৰীয়া কৰি মৌলিক অধিকাৰক খৰ্ব কৰা হৈছিল। কেৱল এয়াই নহয়, সংবাদ মাধ্যমৰ স্বাধীনতাও বিলুপ্ত কৰি বহু ৰাজনৈতিক নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকক জেলত ভৰোৱা হ’ল। সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰখনে গণতন্ত্ৰক পণবন্দী কৰি লৈছিল।
আন এটা পোষ্টত পোষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, যেতিয়া জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল তেতিয়া তেওঁ আৰ এছ এছৰ এজন যুৱ প্ৰচাৰক আছিল। জৰুৰীকালীন বিৰোধী আন্দোলন তেওঁৰ বাবে আছিল এক শিক্ষণ অভিজ্ঞতা। ই আমাৰ গণতান্ত্ৰিক গাঁথনি ৰক্ষাৰ গুৰুত্বক পুনৰ দৃঢ় কৰিলে।
When the Emergency was imposed, I was a young RSS Pracharak. The anti-Emergency movement was a learning experience for me. It reaffirmed the vitality of preserving our democratic framework. At the same time, I got to learn so much from people across the political spectrum. I am… https://t.co/nLY4Vb30Pu
— Narendra Modi (@narendramodi) June 25, 2025
আনহাতে বিজেপিৰ সভাপতি জে পি নাড্ডাই এক্সত এটা পোষ্টত লিখিছে যে ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘আভ্যন্তৰীণ অশান্তি’ৰ অজুহাতত ভাৰতত জৰুৰীকালীন অৱস্থা জাপি দি দেশৰ সংবিধানক হত্যা কৰিছিল। ৫০ বছৰৰ পাছতো কংগ্ৰেছে একে মানসিকতাৰে কাম কৰি আছে, তেওঁলোকৰ উদ্দেশ্য এতিয়াও একে একনায়কত্ববাদী।