ছয়দুৱাৰত বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন

বিজ্ঞানক জনপ্ৰিয় কৰাৰ মানসেৰে তথা ছাত্র ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে গহপুৰ সমজিলাৰ অন্তৰ্গত ছয়দুৱাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই এক বিজ্ঞানভিত্তিক প্ৰতিযোগিতাৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
254

ডিজিটেল সংবাদ, গহপুৰ : বিজ্ঞানক জনপ্ৰিয় কৰাৰ মানসেৰে তথা ছাত্র ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে গহপুৰ সমজিলাৰ অন্তৰ্গত ছয়দুৱাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই এক বিজ্ঞানভিত্তিক প্ৰতিযোগিতাৰ আয়োজন কৰে। মঙলবাৰে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মাজত বিভিন্ন বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা শ্বহীদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে প্ৰতিযোগিতাখন।

উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ উপধ্যক্ষ তথা বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰূপম ৰাজখোৱাই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য বাখ্যা কৰে। আৰ্যভট্ট আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে শ্বহীদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাক শ্ৰীকান্ত দলেই।

সকলোৰে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ "মায়াবিনী"  শীৰ্ষক গীতটি পৰিবেশন কৰে ছাত্ৰী নাৰ্গিচ খাতুনে। সভাখন উদ্বোধনী ভাষণ প্ৰদান কৰি হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নামিতা বৰাই ছয়দুৱাৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পদক্ষেপক শলাগ লয়।

প্ৰতিযোগিতাসমূহত বিচাৰকৰ দায়িত্ব পালন কৰে ডঃ ৰঞ্জিত কাকতি, জ্ঞানজ্যোতি ৰাজখোৱা, সত্যেন্দ্ৰ বৰদলৈ, পৰাগজ্যোতি লাহন, অনুপম শইকীয়া, হিমাশ্ৰী বৰ্মন, ৰশ্মি দেৱী আৰু ফেৰিনা দাসে। প্ৰতিযোগিতাৰ শেষত ফলাফল ঘোষণা কৰাৰ লগতে মানপত্ৰ, গ্ৰন্থ আৰু নগদ ধনেৰে বিজয়ী ছাত্র ছাত্ৰী সকলক পুৰস্কৃত কৰা হয়।

বিজয়ী প্ৰতিযোগীসকল হ'ল- বিজ্ঞান মডেল বিভাগত প্ৰথম মৰ্নিংষ্টাৰ হাইস্কুলৰ অভিজ্ঞান বৰঠাকুৰ আৰু বিশাল শৰ্মা, দ্বিতীয় যুগ্মভাৱে জ্যোতি বিদ্যা মন্দিৰৰ পংকজ কটেল। একেদৰে মৰ্নিংষ্টাৰ  হাইস্কুলৰ জ্যোতিষ্কা প্ৰীতম বৰা, যুগ্মভাৱে তৃতীয় স্থান লাভ কৰে বৰঙাবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ভূমিৰঞ্জনা ৰাজখোৱা আৰু যাদৱ গোস্বামী সোঁৱৰণী জাতীয় বিদ্যালয়ৰ ছাত্র ঋতুষ্মীন ভট্টাচাৰ্য‌ই।

আকস্মিক বক্তৃতাত প্ৰথম হয় যোগনাথ সোঁৱৰণি শংকৰদেৱ শিশু নিকেতনৰ ধৰিত্ৰী শৰ্মা, দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে জ্যোতি বিদ্যা মন্দিৰৰ প্ৰিয়ংকা বৰা আৰু কলংপুৰ হাইস্কুলৰ নাৰায়ণ ঢাকালে। তৃতীয় স্থান যুগ্মভাৱে লাভ কৰে যোগনাথ সোঁৱৰণি শংকৰদেৱ শিশু নিকেতনৰ উপষ্টিকা বৰুৱা আৰু মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মালি ৰাজখোৱাই।

উদ্ভাৱনীমূলক ধাৰণা প্ৰতিযোগিতাত প্ৰথম হয় মৰ্নিংষ্টাৰ হাইস্কুলৰ প্ৰথিত ওজা। দ্বিতীয় আৰু তৃতীয় হয় জ্যোতি বিদ্যা মন্দিৰৰ প্ৰীতিশা গোস্বামী আৰু  টুমন উপাধ্যায়। পোষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম হয় হৰ্ষিতা শৰ্মা,মৰ্নিংষ্টাৰ হাইস্কুল, দ্বিতীয় হয় যুগ্মভাবে শ্ৰেয়া দেৱী, কলংপুৰ হাইস্কুল আৰু কাব্যত্রী শান্দিল্য, মৰ্নিংষ্টাৰ হাইস্কুল, তৃতীয় হয় যুগ্মভাৱে শ্বহীদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীৰ চিন্তে আৰু জ্যোতি বিদ্যা মন্দিৰৰ দিশা আগৰৱালা।

এইসকল স্থান লাভ কৰা ছাত্র ছাত্ৰীয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ গগৈৰ অধ্যক্ষতাত অনুষ্ঠিত বঁটা বিতৰণী সভাত যোগেশ্বৰী ৰবিদাস,লীলা ছেত্ৰী, প্ৰতিমা চিৰিং, ছুপ্ৰীতি কোঁৱৰ,অংকুৰ হাজৰিকা, কেনদী ৰাজবংশী,মায়া দেৱী, নাৰায়ণ অধিকাৰী,নিৰঞ্জন ভট্টাচাৰ্য, নবজিত দাস আদি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

বঁটা বিতৰণী সভাৰ আঁত ধৰে পৰাগজ্যোতি লাহনে। শেষত ছয়দুৱাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰূপম ৰাজখোৱাই অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

ছয়দুৱাৰ