/asomiyapratidin/media/media_files/2025/10/29/gdsf-2025-10-29-20-16-33.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ ৰাজ্যত পুনৰ ভিন্ন জিলাত ছোৱাইন ফ্লুৰ আতংকই দেখা দিছে। যাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত। এই সিদ্ধান্তৰ অনুসৰি জিলাখনত সম্পূৰ্ণৰূপে গাহৰি মাংস বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰা নিৰ্দেশ দিছে ৷
আনহাতে, যদিহে এই নিয়ম কোনেৱে উলংঘা কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ কথাও সদৰি কৰিছে প্ৰশাসনে ৷ উল্লেখ্য যে, শেহতীয়াকৈ চৰাইদেউ জিলাৰ সোনাৰি ৰাজহ চক্ৰ বৰমথুৰাপুৰ গাঁৱত এখন ফাৰ্মত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য লাভ কৰাৰ পাছতো জিলা প্ৰশাসনে জিলাখনত গাহৰিৰ সৰবৰাহ আৰু গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/whatsapp-image-2025-10-29-20-18-13.jpeg)
ইফালে, বুধবাৰে পুৱা জিলাখন পশুপালন আৰু পশু চিকিৎসা বিভাগে লোকজনৰ পামত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ ফলত ফাৰ্মখন উপস্থিত হৈ ৩০ টাকৈ গাহৰি নিধন কৰা হয়। ইতিমধ্যে এই গাহৰি পামখন কুৰিটাতকৈ অধিক গাহৰি এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি পালকগৰাকীয়ে জানিবলৈ দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us