/asomiyapratidin/media/media_files/2025/09/25/1-2025-09-25-23-16-14.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ এইবাৰ টাৰচেম মিট্টালৰ বিৰুদ্ধে শিৱসাগৰত এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবৰ এগৰাকী সদস্যই। জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ ঘনিষ্ঠ হৃষীকেশে শিৱসাগৰ থানাত টাৰচেমৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰে।
জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ৰয়েলিটি প্ৰসংগত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। শিৱসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ লিখা এক পত্ৰত তেওঁ উল্লেখ কৰে যে- "বিনীত সন্মান সহকাৰে আপোনাক জনাও যে, যোৱা ১৯ ছেপ্তেম্বৰৰ দিনা এক ৰহস্যজনক পৰিস্থিতিত ৰাজ্যৰ এজন বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়।
এই ঘটনাই সমগ্র অসমতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ আঁৰৰ ৰহস্য উদঘাটনৰ দায়িত্ব ৰাজ্য চৰকাৰে ইতিমধ্যে চিআইডিক দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ সৃষ্টিৰাজিৰ ৰয়েলটিৰ ধনৰ অংশৰ ভাগ-বটোৱাৰাক লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যমত বিভিন্ন আলোচনা চলিছে।
বিশেষকৈ, এই ধনৰ এক শকত অংশ জুবিন গাৰ্গৰ এসময়ৰ মেনেজাৰ টাৰচেম মিট্টাল আৰু ছিংগাপুৰৰ উক্ত ঘটনাত উপস্থিত থকা বৰ্তমানৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা নামৰ ব্যক্তি গৰাকীয়েও লাভ কৰিব বুলি চর্চা চলিছে। টাৰচেম মিট্টাল জুবিন-মৃত্যু ঘটনাৰ এজন অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ অতিকে ঘনিষ্ঠ ব্যক্তি।
সিদ্ধার্থ শৰ্মাক টাৰচেম মিট্টালেই জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে ঠিক কৰি দিছিল। তেনে প্রেক্ষাপটত জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ ঘটনাৰ আঁৰত টাৰচেম মিট্টালৰ হাত নাইবুলি একেষাৰে কৈ দিব নোৱাৰি। ধনৰ লালসাৰ বাবে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল বুলি আমি সন্দেহ প্রকাশ কৰিছো আৰু টাৰচেম মিট্টালক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছোঁ।
আমি ভাবোঁ, টাৰচেম মিট্টালক গ্ৰেপ্তাৰ কৰি সঠিকভাবে জেৰা কৰিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাহিনী পোহৰলৈ আহিব। টাৰচেম মিট্টালক তদন্তৰ আওতালৈ নানিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাৰণ আঁৰতেই থাকি যাব আৰু দোষীও সাৰি যাব।
গতিকে জুবিন গাৰ্গক ন্যায় দিয়া আৰু সমস্ত ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল কৰাৰ স্বাৰ্থত টাৰচেম মিট্টালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি টাৰচেম মিট্টালক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ কৰি এই এজাহাৰ দাখিল কৰিলোঁ।